বানে ধোৱা নাজিৰাত নাই দুৰ্গোৎসৱৰ উছাহঃ চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত বানবিধ্বস্ত শতিকা প্ৰাচীন নাজিৰা পূজা মন্দিৰ, নাজিৰা সাৰ্বজনীন নামঘৰ কমিটীৰ ক্ষোভ

আজি মহা সপ্তমী দিনাও বানে ধোঁৱা নাজিৰাত আগৰ দৰে নাই দূৰ্গোৎসৱৰ উছাহ। যোৱা ১৯ জুলাইত দিখৌ নদীৰ প্ৰলয়ংকাৰী জলপ্ৰলয়ত সৰ্বস্বান্ত হৈ পৰে সমগ্ৰ নাজিৰাৰ জনজীৱন। অৰ্থনৈতিক অনগ্ৰসৰতাত পৰা জনগণৰ মাজত দূৰ্গা পূজাৰ আনন্দোল্লাস প্ৰায়ে নোহোৱা হৈ পৰা পৰিলক্ষিত হৈছে। পূজাৰস্থলী সমূহত সীমিত জনসমাগম । নাজিৰা নগৰৰ মাজমজিয়াত থকা ১৯০৯ চনতে প্ৰতিষ্ঠা হোৱা শতিকা প্ৰাচীন পূঁজা মন্দিৰ তথা সাৰ্বজনীন নামঘৰতো ভক্তৰ সমাগম পূৰ্বৰ তুলনাত হ্ৰাস পাইছে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱত।

১৯ জুলাইৰ মহাপ্ৰলয়ংকাৰী বানত বিধ্বস্ত হৈ পৰা সাৰ্বজনীন নামঘৰতো পৰিচালনা সমিতি তথা স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে দূৰ্গা পূজা । প্ৰায় ডেৰ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা এই সাৰ্বজনীন নামঘৰ তথা শতিকা প্ৰাচীন পূজা মন্দিৰে আজিও লাভ নকৰিলে চৰকাৰী এককালীন আৰ্থিক সাহায্য। এনে পৰিপ্ৰেক্ষিতত ক্ষোভ উজাৰিছে ১১৭ বছৰীয়া প্ৰাচীন নাজিৰা সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াই ।

Related Articles