গুৱাহাটীত সুনিধি চৌহানৰ জীপাল সংগীতানুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে এয়া মাত্ৰ আৰম্ভণিহে, অসমত এনে বহুতো সংগীতময় সন্ধিয়া, স্মৰণীয় মুহূৰ্তৰ বাবে সাজু হওক। শ্রেয়া ঘোষাল, চনু নিগম, মোহিত চৌহান, গানছ এণ্ড ৰোজেছ, গৰিলাজ আদি সংগীত জগতৰ প্ৰসিদ্ধ শিল্পী তথা বেণ্ডসমূহো আহি আছে অসমলৈ।
“গুৱাহাটীত কালি জনপ্ৰিয় সংগীত শিল্পী সুনিধি চৌহানৰ সংগীতৰ যাদু আৰু ‘আই এম হোম’ টীমৰ সুন্দৰ ব্যৱস্থাপনাত জীপাল হোৱা সংগীতানুষ্ঠানে এক সুন্দৰ অভিজ্ঞতাৰ সাক্ষী কৰি তুলিলে অসমক৷ সুনিধিৰ ‘আই এম হোম ট্যুৰ’ৰ অন্তিম অনুষ্ঠান হিচাপে দেশজুৰি চৰ্চিত এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ মৰম, উৎসাহ আৰু প্ৰশংসাই সঁচাকৈয়ে আনন্দিত কৰিছে।
আমাৰ বাবে আটাইতকৈ আনন্দৰ কথাটো হ’ল যে অসমত এতিয়া এনে বৃহৎ পৰিসৰত হোৱা ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সংগীতানুষ্ঠানৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ৰাইজেও এই অনুষ্ঠানসমূহক উষ্ম আদৰণি জনাইছে। এয়া আমি কৈ অহা অসম চৰকাৰৰ কনচাৰ্ট অৰ্থনীতিৰ এক ইতিবাচক ফলাফল। আমাৰ লক্ষ্য কেৱল সংগীতানুষ্ঠান আয়োজনতে সীমাবদ্ধ নাথাকি অসমক দেশৰ এক অন্যতম সাংস্কৃতিক আৰু মনোৰঞ্জনৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলা। এতিয়া সকলোৱে অনুভৱ কৰিব পৰাকৈ লাহে লাহে অসম সেই দিশত আগবাঢ়িছে৷
এই মুহূৰ্তত জনতাৰ মৰমৰ শিল্পী সুনিধি চৌহানৰ লগতে তেওঁৰ টীম তথা এই অনুষ্ঠান সফল কৰি তোলা প্ৰতিগৰাকী ব্যক্তি-দৰ্শক-অনুৰাগীলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ।
এয়া মাত্ৰ আৰম্ভণিহে। অসমত এনে বহুতো সংগীতময় সন্ধিয়া আৰু স্মৰণীয় মুহূৰ্তৰ বাবে সাজু হওক। মনলৈ আহোঁতেই কৈ থওঁ– শ্ৰেয়া ঘোষাল, চনু নিগম, মোহিত চৌহান, গানছ এণ্ড ৰোজেছ, গৰিলাজ আদি সংগীত জগতৰ প্ৰসিদ্ধ শিল্পী তথা বেণ্ডসমূহো আহি আছে দেই”
এইদৰে সামাজিক মাধ্যমত জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

