টীয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত যুৱ সাংবাদিক স্মৃতিপ্ৰিয়া লাহনৰ গ্ৰন্থ “প্ৰেমৰ সিপাৰে তেজৰ চেঁকুৰা” উন্মোচন

টীয়ক ই-মিডিয়া ফ’ৰামৰ উদ্যোগত, পাব্লিচার্চ এণ্ড বুক চেলার্চ গিল্ড, নর্থ ইষ্ট আৰু টীয়কবাসীৰ সহযোগত বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা ক্ষেত্ৰত আয়োজিত কৰা “টীয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত মঞ্চত যুৱ সাংবাদিক তথা লেখিকা স্মৃতিপ্ৰিয়া লাহনৰ দ্বিতীয়খন গ্ৰন্থ “প্ৰেমৰ সিপাৰে তেজৰ চেঁকুৰা” উন্মোচন কৰা হয়।

আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱাই গ্ৰন্থখনি উন্মোচন কৰি কয় যে, মন আৰু মগজুৰ যি দণ্ড যন্ত্ৰণা সি ব্যক্তিগত সমাজ আৰু চৌপাশৰ বিভিন্ন পৰিক্ষেত্রৰ যন্ত্ৰণাবোধে যোগান ধৰা কেসুৰাজ বৰণৰ বেদনাৰ সমাহাৰ, ইয়াত প্ৰেমৰ তিৰবিৰণীত কৈ সমসাময়িক সমাজ জীৱনৰ সংকট আৰু সমস্যা সমূহে দিয়া যন্ত্ৰনা দগ্ধতা অধিক বেছি।”গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চন্দ্ৰকমল বেজবৰুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যপিকা ড° কৰৱী গগৈ, লেখক-চিত্ৰশিল্পী প্ৰণৱ প্ৰাণ শইকীয়া, অৱসৰপ্ৰাপ্ত আৰক্ষীবিষয়া মহেশ্বৰ শইকীয়া, সহকাৰী শিক্ষয়িত্ৰী স্বৰ্ণলতা বৰা। প্ৰেমাস্পৰ্শ, ৰহস্য, বিষাদ, সমাজত ঘটি থকা ঘটনাৰে সংপৃক্ত হোৱা গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি লব বুলি আশা কৰিছে লেখিকা স্মৃতিপ্ৰিয়াই।

Related Articles