“এসময়ত পশ্চিম বংগ আছিল ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰ পুণ্যভূমি। এই ভূমিৰ সৈতে তেখেতৰ আছিল এক নিবিড় সম্পৰ্ক। তেখেতৰ কালজয়ী সৃষ্টিৰাজি আৰু সুৰৰ মাজেৰে অসম আৰু বংগৰ মাজত গঢ় লৈ উঠিছিল এক অনন্য সাংস্কৃতিক সাঁকো।”- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰে।
মহান শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস উপলক্ষে আজি পশ্চিম বংগৰ শিলিগুৰিত তেখেতৰ প্ৰতিচ্ছবিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লগতে উপস্থিত থাকে দাৰ্জিলিঙৰ সাংসদ শ্ৰী ৰাজু বিষ্ট, পশ্চিম বংগ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰী বাপী গোস্বামী, শিলিগুৰি জিলা বিজেপিৰ সভাপতি শ্ৰী অৰুণ মণ্ডল আৰু ৰাজ্যিক মিডিয়া আহ্বায়ক শ্ৰী অনুপম ঘোষ।

