গুৱাহাটী দবা একাডেমীৰ ছয়গৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং

গুৱাহাটী দবা একাডেমীৰ ছয়গৰাকী খেলুৱৈয়ে ২০২৬ চনৰ নৱেম্বৰ মাহৰ ফিডে ৰেটিং তালিকাত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

ইয়াৰে কুলজিত গোস্বামী (১৫৭৭), নবজিৎ বসুমতাৰী (১৫৬৫), শিৱাংশু চহৰীয়া (১৫০০) আৰু ময়ূখী বৰাই (১৪০৮) ষ্টেণ্ডাৰ্ড ফিডে ৰেটিং লাভ কৰাৰ বিপৰীতে জিয়াংশ ৰিয়ান কাশ্যপে (১৪০৯) ৰেপিড ফিডে ৰেটিং আৰু ঋদ্ধিমান জে. বৰ্মনে (১৪৬৫) ব্লিটজ ফিডে ৰেটিং লাভ কৰিছে।

কুলজিত গোস্বামী, নবজিৎ বসুমতাৰী আৰু শিৱাংশু চহৰীয়াই ২০২৬ চনৰ ২১ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ গুৱাহাটীত অনুষ্ঠিত সদৌ অসম আন্ত: জিলা ফিডে ৰেটিং দবা প্ৰতিযোগিতাত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিত ফিডে ৰেটিং অৰ্জন কৰে।

আনহাতে, ময়ূখী বৰাই ২০২৬ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ পশ্চিমবংগত অনুষ্ঠিত দা হেৰিটেজ স্কুল ক্লাছিকেল লীগত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিত ষ্টেণ্ডাৰ্ড ফিডে ৰেটিং লাভ কৰে।

জিয়াংশ ৰিয়ান কাশ্যপে ২০২৬ চনৰ ২৬ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত তৃতীয় এছ এফ ৰেপিড ৰেটিং প্ৰতিযোগিতা 2026-ত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিত ৰেপিড ফিডে ৰেটিং লাভ কৰে। একেদৰে, ঋদ্ধিমান জে. বৰ্মনে ২০২৬ চনৰ ২৫ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম আন্ত: জিলা ব্লিটজ ফিডে ৰেটিং দবা প্ৰতিযোগিতাত 2026-ত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিত ব্লিটজ ফিডে ৰেটিং অৰ্জন কৰে।

উল্লেখযোগ্য যে, এই আটাইকেইগৰাকী খেলুৱৈয়ে বৰ্তমান গুৱাহাটী দবা একাডেমীত ফিডে ইন্ষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে খেলুৱৈকেইগৰাকীৰ এই সাফল্যত অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও অধিক সফলতা অৰ্জন কৰিবলৈ শুভেচ্ছা জনায়।

Related Articles