৬ নৱেম্বৰ তাৰিখে কটন বিশ্ববিদ্যালয়ত Indian National Trust for Art and Cultural Heritage (INTACH) ৰ এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। INTACH ৰ কামৰূপ আৰু অসম শাখাই কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত বিভাগৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাখনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ১৩০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। INTACH-ৰ Heritage Education and Communication Service-ৰ উদ্যোগত অনুষ্ঠিত এই বাৰ্ষিক কুইজৰ মূল উদ্দেশ্য হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে সজাগতা আৰু ইয়াৰ প্ৰতি মূল্যবোধ গঢ়ি তোলা।
সপ্তমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে দুজনীয়া দল হিচাপে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতৰ ঐতিহ্য, ইতিহাস, প্ৰত্নতত্ত, স্মৃতিসৌধ, কলা-স্থাপত্য, পৰম্পৰা আৰু সাংস্কৃতিক আচাৰ-ব্যৱহাৰ সম্পৰ্কীয় প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছিল। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যৰ ওপৰত এই অনুষ্ঠানত অধিক গুৰুত্ব আৰোপ কৰা হয়। গুৱাহাটী চিটি ৰাউণ্ডত দিল্লী পাব্লিক স্কুল, ফেকাল্টী হায়াৰ ছেকেণ্ডাৰী স্কুল, লিটল ষ্টাৰ স্কুল, সংস্কৃতি–দ্য গুৰুকুল, মহৰ্ষি বিদ্যা মন্দিৰ-১ (শিলপুখুৰী), মহৰ্ষি বিদ্যা মন্দিৰ-৩ (বৰসজাই), মডাৰ্ণ ইংলিছ স্কুল, ৰয়েল গ্ল’বেল স্কুল আৰু সূদৰ্শন পাব্লিক স্কুলকে ধৰি কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰে। আনহাতে, অসম ৰাজ্যিক আৰু উত্তৰ-পূব মণ্ডলৰ ৰাউণ্ডত বিভিন্ন ৰাজ্যৰ বিদ্যালয সমূহে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আৰ্মী পাব্লিক স্কুল, যোৰহাট; শ্ৰী অগ্ৰসেন একাডেমী, ডিব্ৰুগড়; বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ইটানগৰ; ছেইণ্ট মাৰ্গাৰেটছ স্কুল, শ্বিলং; হল’টলি স্কুল, ডিমাপুৰ আৰু ছেইণ্ট পল হায়াৰ ছেকেণ্ডাৰী স্কুল, আইজল উল্লেখযোগ্য।
গুৱাহাটী চিটী, অসম ৰাজ্যিক আৰু উত্তৰ-পূব মণ্ডলৰ প্ৰতিটো ৰাউণ্ডত সুন্দৰ ভাবে অংশগ্ৰহণ কৰি মহৰ্ষি বিদ্যা মন্দিৰ, শিলপুখুৰীৰ ছাত্ৰ অভিক্ষীত কলিতা আৰু ছাত্ৰী সুলক্ষণা চাংমাইয়ে প্ৰথম স্থান লাভ কৰে। তেওঁলোকৰ লগতে আৰু দ্বিতীয় পুৰস্কাৰ পোৱা ইটানগৰৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰী পাস্কি উলি আৰু অঞ্জুমান কুমাৰী যে আগন্তুক ডিচেম্বৰ মাহৰ ১৬-১৭ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰিব।
এই অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা দেৱে উপস্থিত থাকি বিজয়ী দলসমূহক বঁটা প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনাই। Xpress Minds Edutainment Pvt. Ltd. ৰ কুইজমাষ্টাৰ শ্ৰী ধৰ্মৰাজ যোশীৰ নেতৃত্বত আৰু শ্ৰী নাৰায়ণ ছিলৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই কুইজ প্ৰতিযোগিতাখনিৰ আঁত ধৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত বিভাগৰ সহযোগী অধ্যাপক তথা INTACH কামৰূপ শাখাৰ আহ্বায়ক ড° মঞ্জিল হাজৰিকাই।

