সোণালী জয়ন্তীৰ উপলক্ষে অৰুণাচলৰ ৰজানগৰত উলহ-মালহ পৰিৱেশঃ “নকটে কৃষ্টি-সংস্কৃতি লগতে বন্দুকৰ শব্দত মুখৰিত সমগ্ৰ বৰডুমচা”

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ ঐতিহাসিক ৰজানগৰখনে নিজৰ প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰাৰ আনন্দত এতিয়া উখল-মাখল হৈ পৰিছে। সোণালী জয়ন্তীৰ এই বিশেষ উৎসৱৰ দ্বিতীয় দিনটোত ৰাজ্যখনৰ চহকী কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যই এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে, যিয়ে উপস্থিত সহশ্ৰাধিক ৰাইজৰ মন প্ৰাণ মোহিত কৰে।


​উৎসৱৰ দ্বিতীয় দিনটোৰ মূল আকৰ্ষণ আছিল খিলঞ্জীয়া ‘নকটে’ জনজাতিৰ বৰ্ণিল সাজ-পোছাক, পৰম্পৰাগত লোকনৃত্য আৰু বাদ্যযন্ত্ৰৰ সুৰ। নকটে জনগোষ্ঠীৰ পুৰণি কৃষ্টি-সংস্কৃতিৰ সুন্দৰ প্ৰদৰশনে অনুষ্ঠানস্থলী খনক এক সাংস্কৃতিক তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰে। ইয়াৰ লগতে পৰম্পৰাগত বন্দুকৰ শব্দ আৰু ৰাজকীয় সম্ভাষণে সমগ্ৰ বৰডুমচা অঞ্চলত এক অনন্য উৎসাহী আমেজ কঢ়িয়াই আনে।


​দিনটোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুসৰি, নকটে ৰজা তথা অৰুণাচলৰ বৰডুৰীয়া-বগাপানী সমষ্টিৰ বিধায়ক ওৱাংলিন লৱাংদং (Wanglin Lowangdong) ৰজানগৰলৈ আগমন ঘটে। তেখেতক নকটে জনজাতীয় পৰম্পৰাগত নৃত্য-গীতেৰে অতীব উষ্ম আৰু আদৰণীয় সম্ভাষণ জনোৱা হয়। এই বৰ্ণাঢ্য অনুষ্ঠানত স্থানীয় বিধায়ক নিক কামিনৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু কেইগৰাকী বিশিষ্ট বিধায়ক আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে।


​দুদিনীয়া এই ঐতিহাসিক কাৰ্যসূচীৰ সামৰণি পৰিব বেলি লহিওৱাৰ ক্ষণত, য’ত জনপ্ৰিয় কণ্ঠশিল্পী অৰুণিতা কাঞ্জিলাল আৰু প্ৰতিভাশালী নৃত্যশিল্পী ফ্লোৰিনা গগৈৰ আকৰ্ষণীয় তথা মনোমোহা পৰিবেশনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব। এই সোণালী জয়ন্তীয়ে কেৱল ৰজানগৰৰ ইতিহাসকেই স্মৰণ কৰা নাই, বৰঞ্চ বিভিন্ন জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি,মৰম আৰু সাংস্কৃতিক বান্ধোনক অধিক সুদৃঢ় কৰি তুলিছে।

Related Articles