ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা যোৱা নিশা প্ৰায় ১:১৫ বজাত পৰলোক প্ৰাপ্তি ঘটে৷ ডেকাকালৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডিমাকুছিত শঙ্কৰদেৱৰ আদৰ্শ প্ৰচাৰ কৰি অঞ্চলটোত জাতি জনজাতিৰ মাজত মিলনসেতু গঢ়া হৰেকৃষ্ণ মহন্তৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ ওদালগুৰিত৷ উল্লেখ্য যে ৯৭ বছৰীয়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল কিছু দিন পূৰ্বে তেতিয়াৰ পৰাই শয্যাগত অৱস্থাত আছিল সত্ৰাধিকাৰ গৰাকী। কিন্তু সদৌ শেষত নিয়তিৰে হাৰ মানি যোৱা নিশা বৰঙ্গাজুলি সত্ৰত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ গৰাকী৷ মাধৱদেৱ বঁটা, ভকত শিৰোমণি, ভূপেন হাজৰিকা সমন্বয় বঁটা, অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা আৰু মৃত্যুৰ ১২ ঘন্টা পূৰ্বে ওদালগুৰি জিলা সাহিত্য সভাৰ ‘ওদালগুৰি ৰত্ন-২০২০’ লাভ কৰা বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাক শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিআৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিছিৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকে আদি কৰি বহুতো লোক। আনফালে বিভিন্ন বঁটাৰে সন্মানিত হৰেকৃষ্ণ মহন্তৰ মৃত্যুত শোক প্ৰকাশ কৰে ওদালগুৰি জিলাৰ বিভিন্ন দল সংগঠন, ওদালগুৰি জিলা সাহিত্য সভা, টংলা সাহিত্য সভা, টংলা আঞ্চলিক ছাত্ৰ সন্থা, টংলা প্ৰেছ ক্লাৱকে আদি কৰি সমূহ ওদালগুৰি বাসি ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…