যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ’বৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ , মুৰ্গী পালন ওপৰিও চাহ খেতিত ব্যস্ত থাকি দেখুৱাইছে আদৰ্শ ।যি সময়ত ৰাজ্যত বহু শিক্ষিত যুৱক – যুৱতীয়ে কৰ্ম সংস্থাপনহীনতাত ভূগিছে৷ চাকৰি বিচাৰি বহিঃৰাজ্যলৈ ধাপলি মেলিছে সই সময়তে এক ব্যতিক্ৰমী চিন্তাৰে ৰিমঝিমে পুৰুষৰ সমানে পাৱাৰ টিলাৰে পথাৰত হালবোৱা,মৰণা মৰা,মুৰ্গী পোহাপাল দিয়া , মৎস্য পালনকে ধৰি তাঁতত কাপোৰ বোৱালৈকে স্বাৱলম্বী হ’ব পৰা সকলো কামেই কৰি গৈছে অনায়সে । সৰুৰে পৰা নিজৰ পিতৃ আৰু খুড়াকক কৃষি কৰ্মৰে জড়িত হোৱা দেখি অহা ৰিমঝিমে কান্ধত কোৰ লৈ ,পাৱাৰ টিলাৰে হাল বাই কৃষি কৰ্মত পিতৃৰ সমান্তৰালভাৱে ব্যস্ত থাকে ৰিমঝিম ।নৱ প্ৰজন্মৰ বাবে আদৰ্শ এই গৰাকী ৰিমঝিমৰ আছে বহু পৰিকল্পনা । ৰিমঝিমৰ স্পষ্ট মত কামৰ কোনো ভাগ নাই পুৰুষ অথবা মহিলাৰ । এই অতিমাৰীৰ সময়ত নিজকে ব্যস্ত কৰি ৰাখিবলৈ এনে কামৰে জড়িত থকাৰ কথা উল্লেখ কৰি ৰিমঝিমে কয় যে চৰকাৰী চাকৰিৰ বাবে চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰি সময় নষ্ট কৰাতকৈ কৃষি কৰ্ম,পশুপালনৰে জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি । শিক্ষিতা যুৱতী ৰিমঝিম এতিয়া ৰাজ্যৰ আন যুৱক-যুৱতীৰ বাবে হৈ পৰিছে এক আদৰ্শ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…