ওদালগুৰি শতদল সাহিত্য সভা ভৱনত লেখিকা তথা বগৰীগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঊষাৰাণী বায়নৰ ৰচিত যুৰীয়া জীৱনৰ সুৰীয়া গীত গ্ৰন্থখনি ঔদালগুৰি সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মাই উন্মোচন কৰে।ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি তথা প্ৰধান শিক্ষক গৌতম জ্যোতি তালুকদাৰে সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা গ্ৰন্থখনি উন্মোচন কৰি উন্মোচক শৰ্মাই লগতে কয়-এয়া সাহিত্যৰ সম্পদ।ঐতিহ্যপূৰ্ণ সমাজ জীৱনৰ আধাৰত ৰচিত বিয়া নামৰ গ্ৰন্থখনে সাহিত্য-সাংস্কৃতিক সমাজত সমাদৰ লাভ কৰিব বুলি আশা কৰিব পাৰি।লেখিকাৰ এনে প্ৰথম প্ৰচেষ্টা শলাগীবলগীয়া।লেখিকা ঊষাৰাণী বায়নে সভাৰ উদ্দেশ্য বাখ্যা আৰু অতিথি সকলক আদৰণি জনোৱাৰ পিছতে আমন্ত্ৰিত অতিথি তথা শিশু সাহিত্যিক যতীন দাসে কয়- গাৱে- ভূঞে সিচৰিত হৈ থকা এনে বিষয় বস্ত্তূৱে হৈছে প্ৰকৃত সাহিত্য- সংস্কৃতিৰ বাহক।বিয়াগীতবোৰ এতিয়া যেন নষ্টালজিয়া হৈ পৰিছে।ম’বাইল সংস্কৃতিয়ে শিশু সকলক বিপথগামী তোলাৰ লগতে ভাষা-সাহিত্য-সংস্কৃতিক ক্ষতি সাধন কৰি তুলিছে বুলি উল্লেখ কৰে।লেখিকা সংস্থাৰ উপদেষ্টা মেঘমালা সূত্ৰধাৰে কয়- অসমীয়া সমাজৰ আপুৰুগীয়া লোক সাহিত্যৰ সম্পদ বিয়ানাম সমূহ আজিও আমাৰ সমাজত সমাদৃত হৈ আছে।উক্ত উন্মোচনী সভাত উপস্থিত থাকি সাংবাদিক গুণজিৎ দাস,কবি ভবেশ দত্ত, দীপক সূত্ৰধাৰ,শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱা,প্ৰদীপ বৈশ্য আৰু লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী প্ৰতিভা চহৰীয়াই বিলুপ্ত হ’ব ধৰা বিয়া নামবোৰ একত্ৰিত কৰি প্ৰকাশ কৰাটো এক অনুপম সৃষ্টি।য’ত গবেষক সকলৰ বাবে সমল হ’ব পাৰে।ভিন্ন জনগোষ্ঠীৰ জীৱনধাৰাৰ সম্পৰ্কে জ্ঞান আহৰণ কৰিব পৰা যায়।এয়া আমাৰ সমাজৰ বাবে লেখিকাৰ অনবদ্য অৱদান বুলি উল্লেখ কৰে।গ্ৰন্থখনৰ প্ৰকাশক ৰণজিৎ দাসে লেখিকাৰ আশাশুধীয়া প্ৰচেষ্ঠাক উৎসাহিত কৰি প্ৰকাশৰ দায়িত্ব লৈ মই নিজকে ধন্য হৈছো বুলি অনুভৱ কৰিছো আৰু গ্ৰন্থখনে পঢ়ুৱৈ সমাজত সমাদৰ পালে লেখিকাৰ প্ৰচেষ্টা সাৰ্থক হ’ব।উন্মোচনী অনুষ্ঠানতে লেখিকাৰ এটি বিয়াগীত পৰিবেশন কৰে ক্ৰমে-ঊষাৰাণী বায়ন,মেঘমালা সূত্ৰধাৰ,তুলিকা তালুকদাৰ,ভবানী ডেকাই।উক্ত উন্মোচনী সভাতে বৰঙ্গাজুলি সত্ৰৰ ওদালগুৰি ৰত্ন ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ প্ৰয়াণত বিদেহ আত্মাৰ সদগতি কামনা কৰি সভাই এক মিনিট সময় মৌন প্ৰাৰ্থণা জনাই শোক প্ৰকাশ কৰে।শেষত অসম সংগীতেৰে সভাৰ সামৰণি পৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…