গহপুৰ মহকুমাৰ এগৰাকী ছাত্ৰীয়ে স্বকীয় প্ৰতিভাৰে আঁহতৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰি চিত্ৰানুৰাগী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।ব্যতিক্ৰমী প্ৰতিভাৰে জিলিকি উঠা এই ছাত্ৰী গৰাকী হ’ল পূব ডুবিয়াৰ চেংমৰাৰ নিবাসী দীপেন মহন্ত আৰু ৰিপু মহন্তৰ জীয়ৰী কাজল মহন্ত। ২০২০ চনত কৃতিত্বৰে স্নাতক ডিগ্ৰী অৰ্জন কৰা তথা সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি যথেষ্ট ৰাপ থকা কাজলে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ত চিত্ৰ অংকনৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ বাবে এটা শৈক্ষিক প্ৰতিষ্ঠানত নাম ভৰ্তি কৰিছিল যদিও তাত তেওঁ মাত্ৰ দুটা বছৰহে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ নহ’ল যদিও কাজলে নিজা প্ৰচেষ্টাৰে ঘৰতে চিত্ৰ অংকনৰ চৰ্চা অব্যাহত ৰাখে। আৰ্ট পেপাৰত গুণী-জ্ঞানী ব্যক্তিসকলৰ প্ৰতিচ্ছবি আঁকি কম বয়সতে শিল্পী প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হোৱা কাজল মহন্তই শেহতীয়াকৈ তেওঁৰ এই প্ৰতিভাৰ পূৰ্ণ বিকাশৰ বাবে বাছি লয় পেলনীয়া বটল, গুটি ধান আৰু আঁহত গছৰ পাত। তেওঁৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে বিশেষভাৱে সমাদৰ লাভ কৰিছে আঁহত গছৰ পাতত অংকন কৰি উলিওৱা বিভিন্ন চিত্ৰই।তেওঁ আঁহত গছৰ পাতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি,জনপ্ৰিয় কণ্ঠশিল্পী জুৱিন-পাপনৰ লগতে বিভিন্ন ব্যক্তিৰ নাম অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি কাজল মহন্তই গুটি ধানত আঠা লগাই গহণা বনোৱা,গামোছাত ফুল তোলাৰ উপৰিও পেলনীয়া বটলৰ ওপৰত ৰং-তুলিকাৰে চকুত লগাকৈ বিভিন্ন চিত্ৰ আঁকি নিজৰ শিল্পী প্ৰতিভা দাঙি ধৰিছে। গহপুৰৰ চিত্ৰ – ভাস্কৰ্য প্ৰেমী ৰাইজে প্ৰতিভাবান কাজল মহন্তৰ উজ্জ্বলতৰ ভবিষ্যত কামনা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…