দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা মাটিত শালি ধানৰ খেতি কৰাত ব্যস্ত হৈ পৰিছে। আধুনিক পদ্ধতিৰ ট্ৰেক্টৰৰে হালবোৱাৰ পৰা আদি কৰি যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰি খেতিখিনি কৰিছে গোটটোৰ সদস্যসকলে। উল্লেখ্য যে যোৱা ২০১৯ বৰ্ষত লকডাউনৰ সময়ৰে পৰা অসমৰ বিভিন্ন কোম্পানীত চাকৰি তথা ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত ১০ জন সদস্যই মিলি সোণালী কৃষক আত্ম সহায়ক গোটটো গঠন কৰা হৈছিল। গোটটো গঠন হোৱাৰে পৰা শাক-পাচলি খেতি আদিকে ধৰি বিভিন্ন খেতি কৰি স্থানীয় বজাৰত বিক্ৰী কৰি আহিছে। এডৰা মাটিত তিনিবাৰকৈ খেতি কৰিবৰ বাবে মনত আশা কৰিছিল যদিও জলসিঞ্চনৰ অভাৱত সেয়া বাস্তৱত ৰূপায়িত কৰিব পৰা নাই। এই সন্দৰ্ভত স্থানীয় বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ জড়িয়তে অসম চৰকাৰৰ সহায় সহযোগিতা কৰাৰ বাবে গোটটোৰ সভাপতি জয়ন্ত মহন্ত, সম্পাদক ৰঞ্জন কলিতা আৰু কোষাধ্যক্ষ মণ্টু কলিতাই আহ্বান জনাইছে।আনহাতে বেচৰকাৰী সংস্থা ‘জনসাৰথি’ৰ সভাপতি ৰাজীৱ চৌধুৰী আৰু সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতাই দক্ষিণ কামৰূপৰ সকলো পথাৰত কৃষক ৰাইজৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। কৃষক ৰাইজে জলসিঞ্চনৰ সুবিধা পালে বহুত উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে বেচৰকাৰী সংস্থাটোৱে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…