দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত ভাতনাপাইতি গাওঁৰ একাব্বৰ আলীৰ ঘৰত নিশা সাত জনীয়া ডকাইতৰ দলে কৰিলে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জানিব পৰা মতে একাব্বৰ আলী ঘৰত নথকা অৱস্থাত যোৱা নিশা ঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলটি, ঘৰত প্ৰৱেশ কৰিয়েই একাব্বৰ আলীৰ পত্নী আমেলা খাতুনৰ গাত হাত দিয়াত আমেলা খাতুনে টোপনিৰ পৰা সাৰ পাই উঠি চিঞৰ বাখৰ কৰিব খোজতেই মহিলা গৰাকীৰ মুখত সোপা মাৰি ধৰে আৰু হাত ভৰি বান্ধি ল’ই মুখখনো কাপোৰেৰে তালিবানী কায়দাৰে বান্ধি ল’ই টেবুল আৰু ট্ৰাঙ্কৰ চাবি বিচাৰে। পিছত মহিলা গৰাকীয়ে চাবি নিদিয়াতে ক্ষুন্ন হৈ ডকাইতৰ দলে মহিলা গৰাকীক ধৰ্ষণৰ ভাবুকি দি দেহত হাত দিয়া বুলি ভুক্তভোগী মহিলা গৰাকীয়ে প্ৰকাশ কৰে। পিছত ডকাইতৰ দলটোৱে মহিলা গৰাকীক লোৰ ৰডেৰে আঘাত কৰে আৰু ধৰ্ষণৰ কৰাৰ হুমকি দিয়াত ভয়তে মহিলা গৰাকীয়ে চাবিপাত দিয়ে আৰু ডকাইতৰ দলটোৱে নগদ ধন প্ৰায় এক লাখ টকা বিশ হাজাৰ টকাৰ গহনা আৰু প্ৰয়োজনীয় নথি পত্ৰ লৈ যায়। উল্লেখ্য যে ভুক্তভোগী আমেলা খাতুনে জানিব দিয়া মতে ডকাইতৰ দলত ভাতনাপইতি গাঁৱৰ মদন আলী ওৰফে আবু ছেলিম আৰু ছয়সীমানা গাঁৱৰ জনৈক ইছমাইল নামৰ এজনক চিনি পায় যদিও আন্ধাৰৰ বাবে বাকী বোৰক চিনিব নোৱাৰিলে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে বুলি পৰিয়ালৰ লোকে জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…