টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন কৰিলে নাজিৰা জিলা ক্ৰীড়া সন্থাই । অসম অলিম্পিক সন্থাই জনোৱা আহ্বানত নাজিৰা নাট্য মন্দিৰৰ সমুখত “এক ঐতিহাসিক বিজয়ৰ অপেক্ষাত” সমগ্ৰ অসমে বিচৰাৰ দৰেই শুভ কামনা যাচি কালি সন্ধিয়া বন্তি প্ৰজ্বলন কৰিলে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে । লাভলীনাৰ বিজয় কামনাৰে অনুষ্ঠানত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক গোপাল গগৈ, কাৰ্য্যকৰী সভাপতি আব্দুৰ ৰহমান, উপ সভাপতি শান্তনু গগৈ, জ্যোতি গোহাঁই, দিপু দাস, জ্যোতি উত্তম বৰা, কাৰ্য্যকৰী সদস্য তুলসী গগৈ, নুৰুল হককে ধৰি শিক্ষাবিদ ৰাজেন শৰ্মা, অসমী গগৈ বৰুৱা, গোপাল বৰুৱা আদি ভিন্ন ক্ষেত্ৰৰ ক্ৰীড়ানুৰাগী সকল উপস্থিত থাকে । চাহ কৰ্মচাৰী সংঘৰ সম্পাদক চিন্ময় বৰা, ক্ৰিকেট বিভাগৰ সভাপতি প্ৰাণজিৎ বৰুৱা, বসন্ত ৰাজোৱাৰ, ভাস্কৰজ্যোতি বৰগোহাঁই, বৰুণ ৰাজোৱাৰ প্ৰমুখ্যে ব্যক্তি সকলে হাত চাপৰি আৰু সন্ধিয়াৰ প্ৰাৰ্থনাৰ মাজেৰে লাভলীনালৈ শুভেচ্ছা যাচে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…