চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত যোৱাকালি নিশা ডাইনী সন্দেহত এগৰাকী ষাঠি বছৰীয়া নিৰীহ মহিলাক ঘপিয়াই নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৬০) ।
স্থানীয় ৰাইজৰ সন্দেহ মতে নিজৰ পৰিয়ালৰ লোকেই ডাইনী সন্দেহত হত্যা কৰিছে ।কিন্তু স্থানীয় লোকৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী বজুন কিস্কুয়ে জানিবলৈ দিয়া মতে কালি নিশাৰ ভাগত ঘৰৰ চোতালত পত্নী বালে মাৰ্ডিৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে ।
কিন্তু কোনে হত্যা কৰিলে, কি কাৰণত হত্যা কৰিলে এই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মৃত মহিলা গৰাকীৰ স্বামীয়ে সদৰি কৰে ।
উল্লেখযোগ্য যে ঘটনাৰ খবৰ পোৱাৰ পিছত ৰুণীখাতা থানাৰ আৰক্ষীয়ে তিনিখনকৈ নৈ পাৰ কৰি অতিকৈ দুৰ্গম অঞ্চল কুমগুৰী গাঁৱত গৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি ৰাইজৰ সহযোগত কান্ধত তুলি কেইবা কিলোমিটাৰ পথ খোজকাঢ়ি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত আৰক্ষীয়ে তদন্তৰ পিছত কব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।
এতিয়ালৈকে এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই ।
কিন্তু চিৰাং আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…