এইবাৰ কাজিৰঙাৰ ৰাজপথৰ ওপৰেৰে নিৰ্মাণ হ’ব ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু ৷ যদি তেনে হয়, আপুনি-মই আচৰিত হ’ব লগা একো নাই ৷ সকলো জল্পনা-কল্পনা অন্ত পেলাই এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নিৰ্মাণ হ’ব লগা ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে ৷ বিভিন্ন বিতৰ্কৰ অন্ত পেলাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ আপত্তি বিহীন পত্ৰৰ পাছতেই ফ্লাই অভাৰ বা উৰণীয়া সেঁতু নিৰ্মাণৰ কামত আগবাঢ়িছে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগ ৷ পশ্চিমে জখলাবন্ধাৰ আমগুৰিৰ পৰা পূবে বোকাখাতৰ বৰজুৰিলৈকে ৯ টা এনিমেল ক’ৰিডৰ সামৰি ৩৫ কিলোমিটাৰ পথত তিনিটা স্থানত তিনিখন ফ্লাই অভাৰ নিৰ্মাণ কৰিব ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে ৷ প্ৰথমখন ফ্লাই অভাৰ জখলাবন্ধাৰ আমগুৰিৰ পৰা ডেওপানীলৈকে ১৮ কিলোমিটাৰ দৈঘ্যৰ, দ্বিতীয়খন বাগৰিৰ আৰক্ষী চকীৰ পৰা হাতীখুলি চাহ বাগিচাৰ কলঘৰলৈকে ১২ কিলোমিটাৰ দৈঘ্যৰ আৰু তৃতীয়খন কাজিৰঙাৰ গেলেকী এন আৰ এল পে’ট্ৰল পাম্পৰ পৰা বৰজুৰীলৈকে ৫ কিলোমিটাৰ দৈঘ্যৰ ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু নিৰ্মাণ হ’ব ৷ প্ৰথমটো ক’ৰিডৰত ৫ টা এনিমেল কৰিডৰ সামৰি লোৱাৰ বিপৰীতে দ্বিতীয় কৰিডৰত চাৰিটা এনিমেল কৰিডৰ আৰু তৃতীয়টোত এটা এনিমেল কৰিডৰ সামৰি লোৱা হ’ব ৷ ইতিমধ্যে লোক নিৰ্মাণ বিভাগে ফ্লাই অভাৰ নিৰ্মাণৰ যাৱতীয় কামকাজ আৰম্ভ কৰিছে ৷ কিন্তু চৰকাৰে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত বাজেট মুকলি কৰি দিলেই ফ্লাই অভাৰ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব ৷ ৯ টা এনিমেল কৰিডৰত ফ্লাই অভাৰ নিৰ্মাণ হ’লে কাজিৰঙাৰ বন্য জীৱজন্তু সমূহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব বুলি মন্তব্য কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷ আনহাতে কাজিৰঙাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ পাৰে নগাঁও জিলাৰ জখলাবন্ধাৰ পৰা গোলাঘাট জিলাৰ বাদুলিপাৰলৈকে ৰে’ল লাইন নিৰ্মাণ কৰিবলৈ জৰীপ সম্পৰ্কত অৱগত নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকগৰাকী ৷ এই সন্দৰ্ভত সঞ্চালকগৰাকীৰে কোনেও যোগাযোগ কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷ কাজিৰঙাৰ কাষেৰে ৰে’ল লাইন নিৰ্মাণ হ’লে বন্য জীৱজন্তুৰ ভীষণ সমস্যাৰ সন্মুখিন হ’ব বুলি অৱগত কৰাৰ বিপৰীতে শব্দহীন বা সুৰংগ পথৰ মাজেৰে ৰে’ল লাইন নিৰ্মাণ কৰিলে বন্য জীৱজন্তুৰ কোনো অসুবিধা নহয় বুলি জানিবলৈ দিয়ে সঞ্চালকগৰাকীয়ে ৷ কিন্তু সুৰংগ পথেই হওক বা উৰণীয়া সেঁতুৰেই হওক, ৰে’ল লাইন নিৰ্মাণৰ ক্ষেত্ৰতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ আপত্তিবাহীপ প্ৰমাণ পত্ৰ কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে লাভ কৰিব পাৰিব ৷ ইফালে ৰে’ল লাইন নিৰ্মাণৰ ক্ষেত্ৰত বোকাখাতৰ সচেতন মহলে পোষকতা কৰিছে ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ইক’ চেনটিটিভ’ জ’ন আৰু নুমলীগড় তেল শোধনাগাৰৰ বাবে ন’ ডেভেলপমেন্ট জ’ন ঘোষণা কৰাৰ পাছত বোকাখাত নগৰৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেণ্ড যুক্ত পথলৈ উন্নীতকৰণ নহ’ল ৷ তাৰোপৰি এই ঘোষণাৰ পাছত বোকাখাতত কোনো ডাঙৰ উদ্যোগ নিৰ্মাণত নিষেধাজ্ঞা জাৰি হৈ আছে ৷ এনে সন্ধিক্ষণত জখলাবন্ধাৰ পৰা বাদুলিপাৰলৈ ৰে’ল লাইনটো নিৰ্মাণ হ’লে বহু নিৱনুৱা স্বাৱলম্বী হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰতো সুচল হ’ব ৷ কিন্তু ৰে’ল লাইন নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া সকলো নিৰ্ভৰ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ ওপৰত ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান
- এতিয়া ফুল ফুলাৰ বতৰ…
- কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…
- ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…
- এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…
- মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…
- আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি…
- নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি…