বিগত মাহত ৫০ লাখকৈ টকা উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত চলি থকাৰ মাজতে শুক্ৰবাৰে পুনৰ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে গোলাঘাটত। ডিমাপুৰ আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হোৱা ধনৰাশিৰ পৰিমাণ ২৭ লাখ ৫৬ হাজাৰ ৬০০ টকা। আৰক্ষী সূত্ৰে প্ৰকাশ যে গোলাঘাটৰ থুৰামুখৰ এটা পৰিয়ালৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি। জানিব পৰা মতে মিন্টু তাঁতী নামৰ এই যুৱকজন নগালেণ্ডৰ এটা কোম্পানীত কৰ্মৰত আছিল আৰু প্ৰতিষ্ঠান খনৰ পৰাই হৰলুকি কৰিছিল এই বৃহৎ পৰিমাণৰ ধনখিনি। চুৰি ধনখিনি মিন্টুয়ে থুৰামুখত থকা ককাক- আইতাকৰ ঘৰৰ ভঁৰালৰ তলত লুকুৱাই ৰাখিছিল ।আৰু তাৰ পৰাই আৰক্ষীয়ে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ’য়। কাৰ্বি আংলঙৰ বৰপথাৰ অঞ্চলৰ এই যুৱকজন প্ৰতিষ্ঠান টোৰ জেনেৰেটৰ অপাৰেটৰ হিচাপে চাকৰি কৰিছিল। আৰু ধৰা পৰাৰ ভয়ত এনেকৈ ককাক-আইতাকৰ ঘৰত লুকুৱাই থৈছিল টকাখিনি।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ