লাহৰীঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

সমগ্ৰ দেশৰ লগতে মৰিগাঁৱতো অনুষ্ঠিত হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস।এই কাৰ্যসূচীতে মৰিগাঁও জিলা প্ৰশাসনে মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লগতে জিলাখনৰ বিশিষ্ট সমাজ কৰ্মী,শিল্পী-সাহিত্যিক, সাংবাদিক,গো-পালক,প্ৰকৃতিপ্ৰেমী আদি বিশিষ্ট লোক সকলক সম্বৰ্ধনা জনায়।এই কাৰ্যসূচীত জিলাখনৰ লাহৰীঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাকো সম্বৰ্ধনা জনায়।জিলা প্ৰশাসনৰ এনে কাৰ্যক লাহৰীঘাট প্ৰেছ ক্লাৱৰ সভাপতি, উপদেষ্টা সকলৰ লগতে সমূহ সদস্যই আদৰণি জনাইছে।উল্লেখ্য যে প্ৰদীপ চন্দ্ৰ ডেকাক এগৰাকী সাংবাদিক আৰু সমাজ সেৱক হিচাপে মৰিগাঁও জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

Related Articles