গান্ধী জয়ন্তীৰ দিনা যুৱ মৰ্চাই ৰাজ্যজুৰি পালন কৰে স্বচ্ছতাই সন্মান কায্যসূচী

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি ২ অক্টোবৰ তাৰিখে সমগ্ৰ অসমতে গান্ধীজীৰ জন্ম জয়ন্তী উপলক্ষে “স্বচ্ছতাই সন্মান” কায্যসূচী ৰূপায়ন কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিখন জিলাৰ অন্তৰ্গত মণ্ডল সমিতিৰ সদস্য সকলে ৰাজ্য খনৰ দুই শতাধিক বিভিন্ন ধৰণৰ ৰাজহুৱা স্থান,‌ঐতিহাসিক স্থান,‌উপাসনা স্থলী আদিত স্বচ্ছতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।

“সেৱা আৰু সমৰ্পন অভিযান”ৰ অংশস্বৰূপে আজি ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ উদ্যোগত আৰু বশিষ্ঠ আধ্যাত্মিক সংঘ তথা ভাৰতীয় জনতা যুৱ মৰ্চা,গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত বশিষ্ট অঞ্চলত “স্বচ্ছতাই সন্মান” শীৰ্ষক এক স্বচ্ছতাৰ কাৰ্যক্ৰম আয়োজন কৰা হয়।
মহাত্মা গান্ধীৰ স্বচ্ছতাৰ দৰ্শনৰ ভিত্তিত আয়োজিত এই অনু্ষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি মাননীয় সিদ্ধাঙ্কু অংকুৰ বৰুৱা ডাঙৰীয়া,বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ মাননীয় সভাপতি মৃগেন শৰণীয়া ডাঙৰীয়া,বিজেপি বশিষ্ঠ মণ্ডলৰ সভাপতি মাননীয় জিতু হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জনতা যু্ৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মানস প্ৰতীম দাস ডাঙৰীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক,জিলা তথা মণ্ডলৰ বিষয়ববীয়া,কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজ ।

“স্বচ্ছতাই সন্মান অভিযান”ৰ অংশস্বৰূপে আজি শোণিতপুৰ জিলাৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰাৰ লগতে মৃৎ শিল্পীসকলক সন্মান জনোৱা হয়। লগতে মৰিগাঁও,উত্তৰ কামৰূপ,ডিব্ৰুগড়,দক্ষিণ কামৰূপ,হায়লাকান্দি জিলাত স্বচ্ছতা আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।

আনহাতে নলবাৰী, লক্ষীমপুৰ,বৰপেটা , মাজুলী, ঢকুৱাখনা, যোৰহাট, কাৰ্বগ আংলং, কাছাৰ, চৰাইদেউ আদি জিলাত স্বচ্ছতা আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।

ধেমাজি জিলাৰ কাৰ্য্যসূচীত মাননীয় মন্ত্ৰী সঞ্জয় কিষান ডাঙৰীয়া , লখিমপুৰত উপস্থিত থাকে লখিমপুৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱা , যোৰহাটত ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক ৰঞ্জন মহন্ত উপস্থিত আছিল ।

Related Articles