ধুবুৰীত পুনৰ চোৰাং গৰুৰ গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা: জব্দ ৮ টা চোৰাং গৰু

ধুবুৰী জিলা ৰ মাজেদি বাংলাদেশ লৈ চোৰাং গৰুৰ বেহা বৰ্তমানে অব্যাহত আছে। ঘটনাৰ বিবৰণ মতে আৰ ক্ষী অধী ক্ষক জনায়, এক গোপন সূরা পম খেদি জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ত পশ্চিম বংগৰ পৰা ছাগলীয়া হৈ ধুবুৰী জিলাত পশ্চিম বংগৰ পৰা অসম লৈ প্ৰৱেশ কৰা চোৰাং গৰু গাড়ীগোলকগঞ্জ আৰক্ষীয়ে ৰখাবলৈ দিয়া  সংকেত অমান্য কৰি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে ৫ জাই গুলিচালনা কৰে। প্ৰায় ২০ কিঃমিঃ আৰক্ষীয়ে খেদি খেদি গৌৰীপুৰৰ টিয়ামাৰী অঞ্চলত WB62B- 3646 নম্বৰৰ বলেৰ পিকআপ ভানসহ দখৈত বাগৰি পৰে। গাড়ী চালক আৰু গৰু সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৮ টা গৰু জব্দ কৰে আৰক্ষীয়ে। আটকাধীন চালকজন ছাগলীয়াৰ ২য় খণ্ড  ৰফিকুল হোসেন, আৰু চোৰাং গৰু সৰবৰাহকাৰী জন আব্দুল লতিফ। সম্প্রতি চালক আৰু গৰু সৰবৰাহকাৰী জনক গৌৰীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে।

Related Articles