সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱাৰ ভাগত বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ সেই অনুসৰি সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মনে আক্ৰাছুৰ, চিলাৰায় সেনাৰ উপাধ্যক্ষ দেৱৰঞ্জন মণ্ডলে চিলাৰায় সেনাৰ, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰে মহিলা সমিতিৰ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধীৰেশ চন্দ্ৰ ৰায়ে সাংস্কৃতিক পতাকা উত্তোলন কৰে ৷ আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিৱক্তা বিজয় সিংহ আৰু সাধাৰণ সম্পাদক মনোজ চৌধুৰীয়ে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশাৰ ভাগত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিষয়বাচনি সভা অনুষ্ঠিত হ’ব ৷ সোমবাৰে দিনৰ ১ বজাত অনুষ্ঠিত হ’ব মুকলি সভা ৷ সভাত নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনৰ শপত গ্ৰহণ, আক্ৰাছুৰ বিদায়ী সতীৰ্থবৃন্দক বিদায়ী সম্বৰ্ধনা জনোৱা হ’ব ৷ সভাত কে এ চিৰ মুখ্য পাৰিষদ তথা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ প্ৰাক্তন বিষয়ববীয়া, কে এ চিৰ পাৰিষদ তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…