বৃক্ষ, পৰিৱেশ, প্ৰকৃতিৰ সৈতে গভীৰভাৱে আত্মীয়তা গঢ় লৈ উঠা এক আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ’ল হাতীবৰুৱা দেওশাল। শিৱসাগৰৰ জিলাৰ পাটসাঁকো দেওধাই আখৈয়া হাতীবৰুৱা দেওশালত স্থানীয় প্ৰকৃতিপ্ৰেমী আৰু যোৰহাটৰ পৰা যোৱা নিমপুলি প্ৰাকৃতিক সংস্থাৰ সমন্বয়কসকলে মহানিমৰ পুলি ৰোপণ আৰু ডা: নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈয়ে ঔষধি গুণাগুণ তথা বৃক্ষ প্ৰয়োজনীয়তা সম্পৰ্কে আগবঢ়োৱা আলোচনাত ডিমৌৰ কমল গগৈ উচুপি উঠে। যিহেতু, স্বেচ্ছাসেৱীসকলে দিয়া পাঁচটা নিমপুলিৰ চাৰিটা বচাব নোৱাৰিলে। তেওঁৰ গছপুলিৰ প্ৰতি থকা আৱেগিকতা অনুভৱেৰে সংস্থাৰ স্বেচ্ছাসেৱীসকলে পুনৰ নিমপুলি প্ৰদান কৰে। এই কাৰ্যসূচীত স্থানীয় নিৰঞ্জন বৰুৱা, ধৰ্ম বৰুৱা, ক্ষিৰোদ বৰুৱা, ফ্ৰাচেং হাতীবৰুৱাসহ বহু সুহৃদে সহযোগিতা আগবঢ়ায়। ম লুঙ সুখ্যাত তথা বহু অনুষ্ঠানত জড়িত আৰু সন্মানপ্ৰাপ্ত শতক বয়স গৰকিবলৈ আগবঢ়া সৰ্বেশ্বৰ হাতীবৰুৱাৰে সাক্ষাৎ হৈ নিমপুলিয়ে সখীত্ব বজাই ৰাখে। ‘পাটসাঁকোৰ সুৰ’ গ্ৰন্থৰ মাধ্যমেৰে দক্ষিণ যোৰহাটৰ জামুগুৰি গাঁৱৰ অগ্ৰণী সৰ্বেশ্বৰ গগৈৰ সৈতে পৰিচয় হৈ সখী আত্মীয়তাৰে বান্ধ খাইছিল পাটসাঁকোৰ সৰ্বেশ্বৰ হাতীবৰুৱা। সখী গগৈ অকাল বয়সতে বিয়োগ হয়। দীৰ্ঘদিনৰ ব্যৱধানত নিমপুলিৰ সমন্বয়তাত সৰ্বেশ্বৰ গগৈৰ ভাতৃ ঔপন্যাসিক লক্ষেশ্বৰ গগৈয়ে বয়সে গৰকা ক্ষণত হ’লেও সৰ্বেশ্বৰ হাতীবৰুৱাক গ্ৰাম্য সমাজৰ ৰীতি অনুসাৰে গুৱাপাণ, সাজ আদিৰে মান ধৰি ককায়েকৰ সম্বন্ধলৈ পুনৰ সজীৱতা আনে। যান্ৰিকতা কালতো আত্মীয়তা অক্ষুণ্ণ ৰখা বিৰল আৱেগিক মুহূৰ্তৰ সাক্ষী হৈ ৰয় লখিমী কবি থানেশ্বৰ বৰা, কবি লাটু গগৈ, ডিমৌৰ ভাষা অনুৰাগী শিখামণি গগৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমুধৰ বৰা, সৃষ্টিপ্ৰাণ বিনোদ গগৈ, যাতায়ত সহযোগী সঞ্জীৱ কাশ্যপ আৰু নিমপুলিৰ কাৰ্যসূচীত ভাগ লোৱা অন্যতম সমন্বয়কসকল। অৱসৰপ্ৰাপ্ত সৈনিক উত্তম কুমাৰ শইকীয়াৰ যোগসুত্ৰত নিজ খালৈ ঘুগুৰা আখৈয়া দেওধাই চাও চেং ৰেণ্ আৰু চুবুৰীয়া অনুষ্ঠানলৈ মানস প্ৰতিম বৰুৱাই পুলি গ্ৰহণেৰে বন্ধুত্ব বজাই ৰাখে। নয়ন পুলি ক্ষেত্ৰৰ যুৱ কৃষক নয়নমণি গগৈ আৰু সমন্বয়ক বেদান্ত বৰাই সহযোগিতা আগবঢ়োৱা দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলে জয়সাগৰত। বুৰঞ্জীবিদ প্ৰেম গগৈ আৰু পদ্মা গগৈয়ে জয়া নগৰ, ৰংঘৰ আদিত ৰোপণৰ বাবে মহানিমৰ পুলি গ্ৰহণ কৰে। লেখক-সমন্বয়কৰ সম্পৰ্ক মধুৰতা অনাত লখিমী কবি থানেশ্বৰ বৰাই ভাগ লয়। শিৱদৌলত ৰোপণৰ বাবে নিৰাপত্তা বিভাগৰ বুলবুল চেতিয়া আৰু গৌতম বৰাই প্ৰকৃতিপ্ৰেমৰ পৰিচয় দিয়ে। জাঁজীত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি প্ৰসেনজিৎ গগৈ আৰু উপ-সভাপতি দিগন্ত শৰ্মাই নিজা ব্যয়েৰে তিনি বছৰ ধৰি চাৰিখন জিলাক সাঙুৰি লোৱা নিমপুলিৰ সমন্বয়কসকলক উদ্গনি জনায়। আত্মপ্ৰকাশ দৰ্শনৰ মুখ্য সম্পাদক বিনোদ গগৈয়ে সমন্বয়তা ৰক্ষা কৰা মুখামুখীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক অব্যৰ্থজ্যোতি গগৈ উপস্থিত থাকে। অনুষ্ঠানসমূহত গ্ৰন্থ বিনিময় হোৱাৰ লগতে আতিথ্যৰ এক আদৰণীয় পৰিচয় পোৱা যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…