“ প্ৰকৃত ধাৰ্মীক লোকে কোনো কালে অৰ্থৰ পিছত দৌৰি নুফুৰে ৷ অৰ্থ মানুহক লাগে, কিন্তু প্ৰয়োজনতকৈ অধিক অৰ্থৰ কি প্ৰয়োজন ৷ জ্ঞান , ধৰ্ম একফাল আৰু অৰ্থ একফাল ৷ আমাক অৰ্থ আৰু ধৰ্ম দুয়োটাৰে প্ৰয়োজন ৷ প্ৰকৃত ধাৰ্মিকৰ মনত অৰ্থৰ কোনো মূল্য নাই ”৷ এই মন্তব্য বিশিষ্ট নিৱন্ধকাৰ , নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দীনমণি ভাগৱতীৰ ৷ কালি পশ্চিম নলবাৰী অঞ্চলৰ বৰনৰ্দ্দীস্হ পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্হিত গ্ৰন্থ উন্মোচনী সভাত বৰনৰ্দ্দীৰ বিশিষ্ট নিৱন্ধকাৰ তথা অসম গ্ৰামীন বিকাশ বেংকৰ বিষয়া সূশীলভূষণ শৰ্মাৰ প্ৰৱন্ধ পুঁথি “ ধৰ্ম আৰু গ্ৰন্থ” উন্মোচন কৰি এনেদৰে কয় ড° দীনমণি ভাগৱতীয়ে ৷ ৰাজ্যিক কৃতি শিক্ষকৰ বটাঁ প্ৰাপক অৱসৰি শিক্ষক তথা সমাজ কৰ্মী ভগৱান চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা সভা খনত বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ নাউকন ডেকা, ৰাষ্ট্ৰপতিৰ বটা প্ৰাপক কৃতি শিক্ষয়িত্ৰী মীৰা ডেকা বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি গ্ৰন্হ সম্পৰ্কে আৰু বেংক বিষয়া সূশীলভূষণ শৰ্মাৰ অধ্যয়নশীলতা, অধ্যবসায়ৰ বিষয়ে সাৱলীল ভাষণ প্ৰদান কৰে ৷ শিক্ষক, যুৱ সমাজ কৰ্মী জয়ন্ত ডেকাই আত ধৰা সভা খনত পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতি বৰকটকী, সমাজ কৰ্মী পুলক কুমাৰ শৰ্মা, অধিবক্তা সোনাপতি শৰ্মা , সমাজ কৰ্মী বসন্ত ডেকাকে ধৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ আৰম্ভনিতে গ্ৰন্থকাৰৰ কন্যা স্বৰ্চিতা শৰ্মাই এটি ভজন আৰু সভাৰ মাজত সংগীতৰ শিক্ষক ৰাতুল শৰ্মাই গীত পৰিৱেশন কৰি উপস্হিত শতাধিক গ্ৰন্থপ্ৰেমী ৰাইজক আপ্লুত কৰে ৷ সভাত গ্ৰন্হকাৰ সুশীলভূষণ শৰ্মাই মনৰ ভাৱ ব্যক্ত কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জয়ন্ত ডেকাই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…