বিধায়ক আৰু জিলা প্ৰশাসনৰ উপস্থিতিত বাসুগাওঁৰ দুৰ্গাপূজা পৰ্যালোচনা সভা

 নামনি অসমৰ দূৰ্গাপূজাৰ ক্ষেত্ৰত চিৰাং জিলাৰ বাসুগাঁও অন্যতম। য’ত শতবৰ্ষ পূৰ্ণ কৰা পূজা সমিতিৰ পৰা আৰম্ভ কৰি দুবাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ প্ৰাপ্ত পূজা সমিতিয়ে বাসুগাঁওৰ দূৰ্গাপূজালৈ ভক্তৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে। তাৰ বাবেই বাসুগাঁওৰ দূৰ্গাপূজালৈ প্ৰশাসনৰ দায়িত্ব যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হোৱাটো পৰিলক্ষিত হৈছে। সেই উদ্দেশ্যে আগত ৰাখি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিদলী চক্ৰৰ চক্ৰ বিষয়া অমৃত ৰঞ্জন বৰ্মন, বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত বাসুগাওঁ দূৰ্গাপূজা সমন্বয় ৰক্ষা সমিতিৰ তত্বাৱধানত বাসুগাওঁৰ মুঠ ২২ খন দূৰ্গাপূজা সমিতিৰ সভাপতি আৰু সম্পাদকৰ উপস্থিতিত দেওবাৰে ধানবজাৰ দূৰ্গামন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয়  দূৰ্গাপূজা কেন্দ্ৰীক এক পৰ্যালোচনা সভা। সমন্বয় ৰক্ষা সমিতিৰ সম্পাদক বিশাল পালে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে সমন্বয় ৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ দত্তই। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বাসুগাওঁৰ ধৰ্মীয় দিশৰ পৰা আদি কৰি বাসুগাঁওৰ ৰাইজে সন্মূখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰে আৰু ইতিমধ্যে তাৰে ভিতৰত বাসুগাঁও মহাবিদ্যালয়ত বিজ্ঞান বিভাগৰ অন্তৰ্ভুক্তিকৰণ, অগ্নি নিৰ্বাপন কেন্দ্ৰ স্থাপন আদি বিষয়ে ইতিমধ্যে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। সভাৰ পৰ্যায় ক্ৰমে জিলা প্ৰশাসনৰ ফালৰ পৰা চক্ৰ বিষয়া অমৃত ৰঞ্জন বৰ্মনে পূজা সম্পৰ্কীয় ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা সকলোবোৰ নীতি নিৰ্দেশনা পালনৰ যোগেদি প্ৰশাসনক সকলো প্ৰকাৰে সহযোগ কৰিবলৈও সকলো পূজা সমিতিক আহ্বান জনায় আৰু পূজা সমিতিৰ আবেদন মৰ্মে বাসুগাঁওৰ ৰাইজে যমৰ-জাতনা ভুগি থকা বাসুগাঁওৰ যাতায়তৰ দুৰৱস্থা আগন্তুক পূজাৰ আগতেই অনতি পলমে বিভাগীয় কতৃপক্ষৰ যোগেদি মেৰামতি কৰা হ’ব বুলি আশ্বাস দিয়ে।

Related Articles