পদ্ধতিগত ভাবে এটা নিৰ্দিষ্ট পৰ্য্যায়ত উপনীত হৈছে গৰুখুতি কৃষি প্ৰকল্প।সৌ সিদিনালৈ বেদখল কাৰী ৰ কৱলত থকা ৬৪৬ বিঘা মাটিত এতিয়া সপোনৰ গজালি মেলিছে অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত। তিল আৰু মাহ জাতীয় শস্য সিচা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। একপ্ৰকাৰৰ দৰঙৰ আৰ্থ সামাজিক দিশত বিশেষ অৰিহণা যোগোৱাৰ প্ৰচুৰ সম্ভাবনা থকা এই কৃষি প্ৰকল্পত উপস্থিত হৈছে বহু দল সংগঠনৰ প্ৰতিনিধি। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ শলাগ লৈ গৰুখুতি কৃষি প্ৰকল্প আৰু অধিক আগুৱাই নিয়াৰ আহ্বান জনাইছে সদৌ অসম উন্নয়ন পৰিষদ ৰ প্ৰতিনিধি বৰ্গই। ইয়াৰ উপৰিও অসম আন্দোলনৰ পটভূমি হিচাপে চিহ্নিত ঐতিহাসিক ছিপাঝাৰ ৮ গৰাকী শ্বহিদক অপমান কৰা কায্যক ধিক্কৰ প্ৰদান কৰিছে সংগঠনটোৱে। আনহাতে৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ দাবী তুলিছে সংগঠনটোৱে। গৰুখূটিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ, সাধাৰন সম্পাদক চন্দন বৰদলৈ,সম্পাদক জয়ন্ত গগৈ,দৰং জিলাৰ সভাপতি মুকুল কলিতা,সাধাৰন সম্পাদক মুকুত বৰুৱা তথা অন্যান্য কেন্দ্ৰীয় তথা জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্হিতিত প্ৰকল্পটোৰ তত্বাবধায়ক বিধায়ক পদ্ম হাজৰিকা আৰু মৃণাল শইকীয়াক সাক্ষাৎ কৰি প্ৰকল্পটোৰ বিষয়ে সবিশেষ আলোচনা কৰা পৰিলক্ষিত হৈছে। বিধায়কদ্বয়ৰ লগত পৰিষদৰ সজাতী দলটোৱে অঞ্চলটো পৰিদৰ্শন কৰে । উক্ত প্ৰকল্পটোত পৰিষদে স্হানীয় নিবনুৱা যুৱক -যুৱতীক নিয়োগ কৰি সংস্হাপন দিৱৰ বাবে আহ্বান জনায় ।


