অসমৰ অন্যতম তেল শোধানাগাৰ হিচাপে জনাজাত চিৰাং জিলাৰ ঢালিগাওঁস্থিত বঙাইগাঁও তেল শোধানাগাৰ। য’ত কৰ্মৰত সহস্ৰাধিক স্থানীয় আৰু বহিৰাগত কৰ্মচাৰী । এক প্ৰকাৰ বৃহৎ প্ৰকল্প হিচাবে পৰিগণিত হোৱা বঙাইগাঁও তেল শোধানাগাৰ কতৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় চিৰাং জিলাৰ ছাত্ৰ সংগঠনসমূহৰ সমন্বয় ৰক্ষা সমিতি। বেংগলী ফেডাৰেশ্যন,আমছু,এবিএমছুকে আদি কৰি চিৰাং জিলাৰ মুঠ দহটা জাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বত গঢ় লৈ উঠা সমন্বয় ৰক্ষা সমিতিৰ নেতৃবৰ্গৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় তেল শোধানাগাৰ কতৃপক্ষই। তেল শোধানাগাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা পৰ্বত তেল শোধানাগাৰৰ মহা প্ৰবন্ধক ফুলাম গামোচাৰে সম্বোৰ্ধনা জ্ঞাপন কৰে সমিতিৰ সহকাৰী আহ্বায়ক শুভ মজুমদাৰে আৰু স্মাৰক পত্ৰ প্ৰদান কৰে সমিতিৰ আহ্বায়ক গুলজাৰ হুছেইনে। স্মাৰক পত্ৰত উল্লেখিত বিষয়সমূহক কেন্দ্ৰ কৰি প্ৰায় তিনি ঘণ্টীয়া এই আলোচনাত তেল শোধানাগাৰ কেন্দ্ৰীক প্ৰায় সকলোবোৰ কথা বিষদভাৱে আলোচনা কৰা হয় য’ত শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ ওপৰত মূলতঃ আলোকপাত কৰা হয়। শিক্ষাৰ্থীৰ শৈক্ষিক ভবিষ্যতৰ কথা চিন্তা কৰি বিনামূলীয়া শিক্ষা কেন্দ্ৰ, স্বাস্থ্যৰ ক্ষেত্ৰত এম্বুলেন্স যোগানৰ পৰা আৰম্ভ কৰি স্থানীয় ৰাইজক পৰ্যাপ্ত পৰিমাণে সহায়-সহযোগ কৰা, স্থানীয় নিবনুৱা সকলোক কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত প্ৰথম প্ৰাধান্য দিয়াৰ লগতে সম্ভাৱ্য অস্থায়ী পদসমূহত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰে পৰা আদি কৰি তেল শোধানাগাৰৰ পৰা সৃষ্টি হোৱা বিভিন্ন সমস্যা, যেনে – প্ৰদূষণ হ্ৰাস কৰা, দূৰ্গন্ধ দূৰীকৰণ আদি বিষয় বোৰ বিশেষ ভাৱে আলোচিত হয়। সদৌ শেষত প্ৰায় সকলোবোৰ সমস্যা সমাধানৰ বাবে পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে শোধানাগাৰ কতৃপক্ষই ছাত্ৰ সংগঠনসমূহৰ নেতৃবৰ্গক পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায়।

