বিজেপি দল আৰু চৰকাৰে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা আৰু দেশৰ শেষৰ জন দৰিদ্ৰ লোকেও যাতে খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগিব লগা নহয় তাৰবাবেও আঁচনি গ্ৰহণ কৰিছে বুলি বুলি দলৰ মন্ত্ৰী – বিধায়ক আনকি দেশৰ স্বয়ং প্ৰধানমন্ত্ৰীয়েও সময়ে সময়ে ঘোষণা কৰি আহিছে । কিন্তু ইয়াৰ মাজতো ৰাজ্যৰ আন বহু সমষ্টিৰ লগতে গুৱাহাটীৰ গাতে লগা পলাশবাৰী সমষ্টিৰ ১০৮ নং মালিয়াটা গাওঁ পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ( গৃহ নং – ৬ ) সন্ধ্যা দাস নামৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈকে ৰেচন কাৰ্ডখনৰ বাহিৰে নাপালে একো চৰকাৰী সাহায্য । এটা ঘৰৰ অভাৱত পৰিয়ালটোৱে উৱঁলি যোৱা চালিৰ তলত ফৰকাল বতৰত নিশা আকাশৰ তৰা চাই আৰু বৰষুণৰ বতৰত পলিথিন – প্লাষ্টিক মূৰত লৈ উজাগৰে থাকিব লগা হয় । কিছুদিন আগলৈকে আনৰ ঘৰত দিন হাজিৰা কৰি পেটে ভাতে চলি থকা সন্ধ্যা দাস বৰ্তমান ৰুগীয়া হোৱা বাবে পত্নী হেমপ্ৰভা দাসে এতিয়া আনৰ ঘৰত কাম কৰিব লগা হৈছে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা সন্ধ্যা দাসে আজিও নাপালে প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ ( পি এম এ ৱাই ) অধীনত এটা ঘৰ । এই সন্দৰ্ভত তেওঁলোকে বহুবাৰ গাওঁ পঞ্চায়তৰ সদস্য – সভাপতিক আবেদন – নিবেদন কৰি আহিছে যদিও আশ্বাসৰ বাহিৰে পৰিয়ালটোৱে আজিলৈকে একো নাপালে । আনটো বাদেই বিগত বর্ষত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনি , কনকলতা বৰুৱা সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ পৰাও পৰিয়ালটো বঞ্চিত হবলগীয়া হৈছে । উল্লেখযোগ্য যে তিনিজনী জীয়ৰীক বিয়া দিয়াৰ পাছত সন্ধ্যা দাস আৰু হেমপ্ৰভা দাসৰ অৱস্থা সম্প্ৰতি চকুৰ পানীৰে বাট নেদেখা হৈছে । বিশেষকৈ ৰুগীয়া স্বামীক লৈ পত্নী হেমপ্ৰভা দাস ভীষণ সংকটত পৰিছে । এইক্ষেত্ৰত অঞ্চলটোৰ একাংশ সচেতন লোকে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হস্তক্ষেপ কামনা কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…