কৃষক পৰিয়ালৰ খবৰ ল’বলৈ যাওঁতে উত্তৰ প্ৰদেশৰ চৰকাৰে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নাজিৰাতো কংগ্ৰেছ দলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটী , সমষ্টি এন এছ ইউ আইৰ যৌথ উদ্যোগত নাজিৰা ৰাজীৱ ভৱন প্ৰাংগণৰ পৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগণলৈকে শতাধিক কংগ্ৰেছ কৰ্মীয়ে সমদল বাহিৰ কৰি বিভিন্ন প্ৰতিবাদী ধৰ্ণাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । নাজিৰা গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি মৃদুল বৰগোঁহাই , সাধাৰণ সম্পাদক যোছেফ সিং , পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সমষ্টি এন এছ ইউ আইৰ তত্বাৱধায়ক পৰশমণি কলিতা , অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক ইজাজ ৰহমান , সমষ্টি এন এছ ইউ আইৰ সভাপতি প্ৰৱাল বৰুৱা , সম্পাদক ছাজাদ হুছেইনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী আৰু ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বি জে পি গ’ বেক , নৰেন্দ্ৰ মোদী , অমিত শ্বাহ হায় হায় , প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক , বি জে পিৰ ফেচিবাদী শাসন নিপাত যাওঁক আদি বিভিন্ন ধৰ্ণাৰে উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ -বতাহ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…