Breaking

জামুগুৰিহাটৰ ধলাইবিলৰ মেধাৱী ছাত্ৰ অজয় সোনাৰক জ্যোতি শিক্ষা বঁ‌টা প্ৰদান

0 2,017

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত  ধলাইবিলৰ এগৰাকী প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ নাম হৈছে অজয় সোনাৰ। অজয় হৈছে জিলাখনৰ ধলাইবিলস্থিত চামধাৰা পানী গাঁৱ নিৱাসী মনবাহাদুৰ সোনাৰ আৰু প্ৰয়াত ৰূপা দেৱীৰ কনিষ্ঠ পুত্ৰ। অজয় নিজৰ পঢ়াশুনাৰ উপৰিও সাধাৰণ জ্ঞানৰ ওপৰত সম্পূৰ্ণৰূপে অধ্যয়ন কৰি টেলেন্ট চাৰ্চ পৰীক্ষা দিবলৈকো সক্ষম হৈছে। দৰং মহাবিদ্যালয়ৰ পৰা জিলা ভিত্তিত অনুষ্ঠিত সাধাৰণ জ্ঞান সন্দৰ্ভত এক বিশেষ পৰীক্ষাত ৯৫.৩৩ শতাংশৰে প্ৰথম স্থান দখল কৰি সুখ্যাতিৰে উৰ্ত্তীন্ন হোৱাত তেওঁক নগাঁ‌ওস্থিত আমনিত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোচা,জাপি,প্ৰসংশা পত্ৰৰ লগতে দুটা ট্ৰফীৰে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ জ্যোতি শিক্ষা বঁ‌টা প্ৰদান কৰে। ২৩ বছৰীয়া ছাত্ৰজনৰ এনে সফলতাক লৈ দৰং মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল,অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনাই উজ্বল ভৱিশ্যত কামনা কৰে।

Leave A Reply