ধুবুৰী তার কংগ্রেস ৰ প্ৰতি বাদউত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে আটক কৰিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। প্ৰতিবাদী কৃষকৰ ক পৰিয়ালৰ খবৰ লবলৈ যোৱাৰ সময়তে আটক হৈছিল কংগ্রেছ নেত্রী গৰাকী। দেশ তথা ৰাজ্যজুৰি কংগ্রেছৰ প্ৰতিবাদ কাৰ্য্যসূচী। নেত্ৰী গৰাকীক বিনাচৰ্তে মুক্তিৰ দিয়াৰ বাবে দাবী কংগ্ৰেছৰ। আজি ধুবুৰীস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সন্মূখত প্ৰতিবাদী ধৰ্না কাৰ্য্যসূচী পালন কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, জিলা মহিলা কংগ্রেস সভানেত্রী বেবী বেগম, সহ বহুতো কংগ্রেস সদস্য অংশগ্রহণ কৰে। বিজেপিৰ চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, উত্তৰ প্ৰদেশ চৰকাৰ হায় হায়, প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।

