উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ। হত্যা, অপহৰণ, ডকাইতি আৰু চুৰিকাণ্ডৰ দৰে অপৰাধত জড়িত বিমানক তিনিচুকীয়া সমীপৰ কাজিখোৱাত এনকাউন্টাৰ ডিব্ৰুগড় আৰক্ষীৰ। এখন গাড়ী চুৰি কৰিবলৈ যোৱাৰ সময়ত কুখ্যাত অপৰাধী বিমানক গ্ৰেপ্তাৰ কৰিবলৈ লোৱাৰ অৱস্থাত পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত বাওভৰিত আঘাতপ্ৰাপ্ত হয়। আৰক্ষীৰ মতে, গোলাঘাটৰ পৰা পলায়ন কৰি যোৰহাটৰ পেট্ৰল পাম্পত বিমানে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় এ এম চিত আত্মীয়ৰ চিকিৎসা কৰি নাহৰকটীয়াৰ পৰা এখন গাড়ী চুৰি কৰি অৰুণাচললৈ গৈছিল। ইফালে কাজিখোৱাত এখন গাড়ী চুৰি কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ কুখ্যাত অপৰাধী বিমান। এ এম চিত চিকিৎসাধীন হৈ থকা বিমানৰ পৰা পিষ্টলসহ এডাল তাৰ জব্দ কৰিছে।

