ওদালগুৰি জিলাৰ অগ্ৰণী ক্ৰীড়া সংঘ জেনিথ ক্লাবৰ উদ্যোগত অহা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ ষ্টেডিয়ামত T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি ব্যাপক হাৰত আৰম্ভ কৰা হৈছে। ১৪নবেম্বৰৰ পৰা ওৰাং প্ৰিমিয়াৰ লীগ নামেৰে জেনিথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখন এইবেলি ষষ্ঠ সংস্কৰণ হিচাপে অসম ক্ৰিকেট সন্থাৰ অধিনত সম্পূৰ্ণভাৱে T20 ক্ৰিকেটৰ আৰ্হিত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হব। প্ৰতিযোগিতাখনত মুঠ আঠটা দলে অংশ গ্ৰহণ কৰিব ৷ স্থানীয় খেলুৱৈ সকলৰ সৈতে প্ৰতিটো দলত চাৰিজনকৈ অন্য স্থানৰ খেলুৱৈক সুযোগ দিয়া হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। আনহাতে স্থানীয় খেলুৱৈ সকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে জেনিথ ক্লাবৰ জৰিয়তে আৰম্ভ কৰা হৈছে। অসম ক্ৰিকেট সন্থাৰ নিয়মাৱলী আৰু নিৰ্দেশনাৰ জৰিয়তে অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখনৰ বাবে মুঠ ৬০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে । প্ৰতিযোগিতাখনৰ প্ৰতিখন খেলতে মেন অফ দ্য মেচ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাখনত মেন অফ দ্য চিৰিজ আৰু অন্যান্য পুৰস্কাৰ সমূহো প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । আনহাতে ওৰাং প্ৰিমিয়াম ক্ৰিকেট লীগ খনৰ অহা ১৪ নবেম্বৰত বনাঢ়্য কাৰ্যক্ৰমণিকাৰে শুভাৰম্ভনী অনুষ্ঠান এটি আৰাম্ভ কৰা হব ৷ আৰু ১৯ ডিচেম্বৰত মেগা ফাইনেল খেল আৰাম্ভ কৰা হব বুলি উদ্যোক্তা সকলে আহ্বান জনাইছে ৷প্ৰতিযোগিতাখনত সকলো প্ৰকাশৰ যোগাযোগ কৰাৰ সম্পৰ্কত তথা সবিশেষ জানিবলৈ 9957376467, 7002633714, 9954065983,9954065983,7002963609,8876179743 নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে উদ্যোক্তা সমিতিৰ সভাপতি ডঃ ধৃতিমান বৰুৱা, কাৰ্যকৰী সভাপতি হেমন্ত বড়ো আৰু সম্পাদক প্ৰাঞ্জল ভদ্ৰই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…