ওদালগুৰিৰ চিজৌগুৰিত সদৌ বাথৌ মহাসভাৰ যুৱ সমাজৰ ২০ সংখ্যক বাথৌ ধৰ্মীয় আলোচনা চক্ৰ ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ উদ্যোগত আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ যায়।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সভাপতি সমৰসিং দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাখনি উদ্বোধন কৰে ওদালগুৰি জিলা বাথৌ ধৰ্ম মহাসভাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ বড়োই।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সম্পাদক শুকুৰাম বড়োই আঁতধৰা সভাত প্ৰাৰ্থনাৰে সজয় দৈমাৰীয়ে দান কৰে আৰু আনসকলে বৰঙনি সংগ্ৰহত সহযোগিতা আগবঢ়ায়। সভাত আদৰণি বক্তব্য ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি কুলেন দৈমাৰীয়ে।মুকলি সভাত উপস্থিত থাকি সমাজকৰ্মী ৰিঞ্জয় বড়োই বাথৌ ধৰ্মত আধ্যাত্মিকৰ ক্ষেত্ৰত যুৱক যুৱতী সকলৰ দায়িত্ব আৰু কৰ্তব্যত কিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত বক্তব্য ৰাখে।নিজৰ ধৰ্মৰ পবিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত শিক্ষিত নৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।কিয়নো বাথৌ ধৰ্ম এক বিজ্ঞান সন্মত ধৰ্ম।ধৰ্মীয় অনুভূতিৰে সঠিক পথৰ সন্ধান বিচাৰিব লাগিব। আধ্যাত্মিক ভাবধাৰা বজাই ৰাখিব পৰাটোহে আচল জীৱনৰ মাহাত্ম বুলি তেওঁ লগতে উল্লেখ কৰে।পুৱা ৭.৩০বজাত ধৰ্মধ্বজা উত্তোলন কৰে ওদালগুৰি আঞ্চলিক বাথৌ ধৰ্ম মহাসভাৰ সভাপতি সমৰসিং দৈমাৰীয়ে।পুৱা ৮ বজাত যেপ্ৰাৰ্থনা সভা উদ্বোধন কৰে আঞ্চলিকৰ উপদেষ্টা নিতুল বড়োই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…