৬ নবেম্বৰ:ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত, ওদালগুৰি জিলা বক্সিং এচ’চিয়েশন আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত যোৱা ২নবেম্বৰৰ পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি ৩ নবেম্বৰত সামৰণি পৰে।ওদালগুৰি জিলা ভিত্তিত আয়োজিত চাব জুনিয়ৰ,(ল’ৰা), জুনিয়ৰ (ল’ৰা),যুৱ আৰু মহিলা শাখাত মুঠ ৯৯ গৰাকী পুৰুষ মহিলাই বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।কালি সামৰণি পৰা উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।উঠি অহা যুৱক যুৱতী সকলক খেলৰ প্ৰতি আগ্ৰাহ্নিনত হ’বলৈ আহ্বান জনায়।কিয়নো ভাল খেলুৱৈ এগৰাকীয়ে দেশৰ সুনাম অৰ্জন কৰিব পাৰে। উক্ত বঁটা বিতৰণী সভাত ভাৰতীয় খেল প্ৰাধিকাৰীৰ সঞ্চালক ড° সুভাষ বসুমতাৰী, জিলা ক্ৰীড়া প্ৰাধিকাৰী বিষয়া সৌমদৌম মোছাহাৰী,শাৰিৰীক শিক্ষা বিষয়া বিক্ৰম সিং দৈমাৰী, বড়োলেণ্ড বস্কিং সন্থাৰ সাধাৰণ সম্পাদক কৰে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল।বিজয়ী প্ৰতিযোগী সকলক শাখা অনুযায়ী সোন ,ৰূপ আৰু ব্ৰঞ্জৰ মেডেল উপহাৰ দিয়া হয়
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…