শেতালিত সুকুমাৰ কোঁৱৰ সোঁৱৰণী প্ৰাইজমানি ফুটবল আৰম্ভ

 নগাঁও জিলাৰ শেতালি যুৱক সংঘৰ উদ্যোগত এছ.কে.বি.এল.খেলপথাৰত আজিৰে পৰা পঞ্চম সংখ্যক সুকুমাৰ কোঁৱৰ সোঁৱৰণী ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি(চেভেন-এ- চাইড)আৰম্ভ হৈছে।এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত শেতালি ছিনিয়ৰ ফুটবল ক্লাৱে তুলসীমুখ বুঢ়াগোহাঁই জুনিয়ৰ ফুটবল দলক ১-০গ’লত পৰাজিত কৰে।তমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ ৫৯মিনিটত শেতালি ছিনিয়ৰ ফুটবল ক্লাৱৰ হৈ আলোক দেউৰীয়ে বিজয়সূচক গ’লটো দিয়ে।খেলখন পৰিচালনা কৰাত ৰেফাৰী ৰূপম হোকাইক সহায় কৰে যুগল কিশোৰ বৰদলৈ,সীমান্ত নাথ আৰু  দুদুল বৰদলৈ(চতুৰ্থ)য়ে।এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি তথা প্ৰাক্তন খেলুৱৈ জীৱন চূড়ানাই।সাংস্কৃতিক কৰ্মী কুমাৰ কিশোৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা,তিৱা স্বায়ত্ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বকুল দেউৰী,ক্ৰীড়া সংগঠক সুভাষ ডেকা,সমাজকৰ্মী সঞ্জীৱ দেউৰী, কিৰন দেউৰী,সাৰংগ বৰা আৰু লক্ষ্যধৰ মেধি আদি উপস্থিত থাকে।শণিবাৰৰ খেলত চকলাঘাট ফুটবল ক্লাৱে দৰঙী গাঁও ফুটবল দলৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বুলি আয়োজক সমিতিৰ সভাপতি পল্লৱ দেউৰী আৰু সম্পাদক মানসজ্যোতি কোঁৱৰে জনাইছে।

Related Articles