বৰপেটাৰোডত জুৱাৰ গ্ৰাসত নৱ-প্ৰজন্ম

সম্প্ৰতি বিশ্ব টি-২০ ক্ৰিকেট আই পি এলৰ প্ৰতিযোগিতা সমূহৰ অনুৰাগীৰ আকৰ্ষণত বৃহৎ জুৱাৰ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ” শ্যাম পূজা উপলক্ষে ” বৰপেটাৰোডৰ  কলহভাঙা চক, জাখলি বিল পথাৰ, খৈৰাবাৰী, মাৰোৱাৰি শ্মশান আদিকে ধৰি বিভিন্ন অঞ্চলত মুকুলিভাবে ঝাণ্ডি, মুণ্ডাৰ জুৱাই শেষতিয়া ভাবে নৱ-প্ৰজন্মকেই গ্ৰাস কৰাৰ অভিযোগ ৰাইজৰ মাজত উঠিছে। ইয়াৰ ফলত অঞ্চলটোত সামগ্ৰিক ভাবে চুৰি ডকাইতি দিনে দিনে বাঢ়িবলৈ ধৰাৰ পৰিলক্ষিত হৈছে। এনেবোৰ জুৱাৰ জ্বৰত আক্ৰান্তহৈ ইতিমধ্যে বহু পৰিয়াল পথৰ ভিকাৰীত পৰিণত হোৱাৰ লগতে সমাজহিতৈষী কাৰ্য্যত লিপ্তহৈ আছে। লক্ষণীয় যে এই অবৈধ জুৱা খেলৰ পৰা ৰাজ্য চৰকাৰে কোনো ধৰণৰ ৰাজহ লাভ নকৰে। মাত্ৰ একাংশ মুনাফা লোভী সুচতুৰ দালালৰ বাবেহে এই অবৈধ খেলবিধ কেনেদৰে চলিবলৈ পালে আজি ৰাইজৰ মাজত হাজাৰ প্ৰশ্ন উদয় হৈছে। এনেবোৰ অবৈধ জুৱা উৎখাত কৰি সমাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ব্যৱস্থাৰ কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন জাতীয় দল-সংগঠনে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Related Articles