কাকজানত বিৰ লাচিত সেনাৰ দশম মৃত্যু বাৰ্ষিকি পালন।

লাচিত সেনা চিপাহীখোলা আঞ্চলিক সমিতিৰ উদ্যোগত কাকজান বৰবৰা কম্প্লেক্স ব্যৱসায়ীৰ সহযোগত আজি কাকজানৰ মাজমজিয়াত ড.ভূপেন হাজৰীকাৰ দশম মৃত্যু বাৰ্ষিকি উদ্দেশ্য বন্তি প্ৰজ্বলন কাৰ্য্যসূচী অনুস্থিত হয়।বন্তি প্ৰজ্বলন কৰে কাকজান বামকুকুৱাচোৱাৰ বিশিষ্ট সমাজৰ্কমী তংকেশ্বৰ বাঢ়ৈয়ে।অনুস্থানতো আটধৰে বীৰ লাচিত সেনা চিপাহীখোলা আঞ্চলিকৰ সম্পাদক অসীম শংকৰ বৰাই।সমাজকৰ্মী তংকেশ্বৰ বাঢ়ৈয়ে ভাষন প্ৰসংগত ভূপেন হাজৰীকা দেৱৰ আৰ্দশৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে যুৱ প্ৰজন্মই তেখেতক সদায় স্মৰণ কৰিৱ লাগে।উক্ত অনুস্থানত বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সদস্য দাদু বৰাকে ধৰি সকলো বিষয়ববীয়া উপস্থিত থাকে।

Related Articles