Breaking

গহপুৰৰ কৃতী শিক্ষক সমাজ সংগঠক মুকুল বৰাৰ মৃত্যু

0 2,132

সমাজকৰ্মী  সংগঠক মুকুল বৰাৰ কালি পুৱা ৬-১০ বজাত নিজ বাসভৱনত  মৃত্যুৰ বাতৰিযে সমগ্ৰ গহপুৰত শোকৰ ছাঁ পেলাইছে। পূব কলংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে কৰ্মৰত অতি সহজ সৰল জীৱন যাপন কৰা মুকুল বৰা  কিছু দিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মহকুমা  কৃতী শিক্ষকৰ বঁটা প্ৰাপক বৰাই দুটা কায্য কালৰ বাবে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে গহপুৰ সাৰ্বজনীন ৰাস মহোৎসৱত,গহপুৰ জিলা ক্ৰীড়া সন্থা ,সদৌ গহপুৰ শ্ৰীমন্ত শংকৰ গুৰু জন্ম জয়ন্তী উৎসৱ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জঢ়িত হৈ আছিল।সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত জনপ্ৰিয় বৰাৰ মৃত্যুৰ সময়ত ব‌য়স ৫৮ বছৰ হৈছিল। ইহ সংসাৰত পত্নী সহিতে দুজন পুত্ৰ পাঁচ জন ভাতৃ এগৰাকী ভগ্নী এৰি থৈ যোৱা আদৰ্শ শিক্ষক বৰাৰ মৃত্যুত  গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে  বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।  নিতুল বৰা হাৱাজান ।

Leave A Reply