ওদালগুৰি জিলাৰ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলি চহৰৰ মাজমজিয়া ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংগঠনটোৰ অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত কালি ৫ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী পালন কৰা হয় । ২০১১ চনৰ ৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথে । ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্য, আৰক্ষী বিষয়া ৰিতুপল শইকীয়া , ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিক্ৰম দেউৰী , ৰিতম ডেকা আদিকেধৰি বহুতো ছাত্ৰ নেতা আৰু ৰাইজ উপস্থিত থকা ৰাজহুৱা ভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ চৌহদত স্হায়ী ভাৱে থকা সূধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাপণ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অভিলাষ দাসে । আনহাতে , ৰৌতা চাৰিআলিৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত ৰৌতা ষ্টেচনৰ শংকৰ – মাধৱ কৃষ্টি সংঘৰ প্ৰাংগণতো কালি ৫ নৱেম্বৰৰ দিনা সন্ধিয়া সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি উদযাপন কৰা হয় । সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অভিষেক ৰাজ কলিতা আৰু ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্য জ্যোতি ডেকা আৰু ভাৰপ্ৰাপ্ত সহকাৰী সম্পাদক মৃত্যুঞ্জয় ওজা প্ৰমুখ্যে ছাত্ৰ সংগঠন দুটাৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ স্মৃতি তৰ্পণ আৰু সৰ্ব- ধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ যায় । ইয়াৰ পিছতেই সন্ধিয়া ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে ৰৌতা ষ্টেচনৰ দুজন ছাত্ৰক অভিনন্দন জ্ঞাপন কৰে । সামগ্ৰিক প্ৰতিযোগিতামূলক সময়ত সদ্য ঘোষিত সৰ্বভাৰতীয় ভিত্তিত নীট (Neet)ৰ দৰে পৰীক্ষাত সফলতা কঢ়িয়াই অনা ৰৌতাষ্টেঢনৰ দিব্যজ্যোতি পাঠক আৰু কুলদীপ দাসৰ ঘৰলৈ গৈ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰৌতা আৰক্ষী থানাই দুয়োজন ছাত্ৰকেগামোচা , পুথি আদিৰে অভিনন্দন জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…
- সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…
- সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ