লামডিং 3 নং হাতীখুলী গাঁওত অবৈধভাৱে কাটা বৃহত পৰিমাণৰ চেগুন কাঠ জব্দ হয়। চোৰাং কাৰবাৰীৰ বিৰুদ্ধে অভিযান চলাই লামডিং আঞ্চলিক বন বিষয়াৰ নেতৃত্বত জব্দ কৰিলে কেইবা লাখ টকাৰ চেগুন কাঠ। এই চোৰাং কাৰবাৰীৰ বিৰুদ্ধে অভিযান চলাই লামডিং বন বিভাগে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ পম খেদি লামডিং বন বিভাগে পৃথকে পৃথকে অভিযান চলাই জব্দ কৰে চেগুনৰ কুন্দা ।জব্দকৃত চেগুনখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকাৰ অধিক হ’ব বুলি অনুমান কৰা গৈছে।
উল্লেখ্য যে চেগুনৰ লগতে পাহাৰ কাটি মাটি লামডিঙৰ বিভিন্ন স্থানত বিক্ৰী কৰাৰো অভিযোগ উঠিছে মাটিৰ মালিক আলাউদ্দিনৰ বিৰুদ্ধে । আনফালে লামডিং আঞ্চলিক উপ বন বিষয়াই চোৰাং কাঠ আৰু অবৈধভাৱে পাহাৰৰ মাটি খনন কাৰ্য্যৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।

