দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈক বিদায় সম্বৰ্ধনা

গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ  ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈৰ চাকৰি পদোন্নতি হোৱাৰ হেতুকে দেৰগাঁও আৰক্ষী থানাৰ পৰা বদলি হৈছে। বিদায়ী আৰক্ষী বিষয়া গৰাকী সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য চোমণি আৰক্ষী চকীত এক সম্বৰ্ধনা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

সাংবাদিক ৰুবুল শইকীয়াই আঁতধৰা সভাখনত বিদায়ী ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈৰ লগতে দেৰগাঁও আৰক্ষী চক্ৰ পৰিদৰ্শক, দেৰগাঁও থানাৰ আৰক্ষী বিষয়া ৰুবুল আলি উপস্থিত থাকে। চোমণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ, কাকডোঙা সাংবাদিক সন্থাৰ সম্পাদক আহমেদ হুছেইন, মাজুকুচি গাঁওৰক্ষী বাহিনীৰ সভাপতি সোনাৰাম  শইকীয়াকে আদি কৰি কেইবাগৰাকীও লোকে বিদায়ী আৰক্ষী বিষয়া গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইফালে চোমণি আৰক্ষী চকীত উপস্থিত হৈ আবেগিক হৈ পৰে আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ । উল্লেখযোগ্য যে বিদায়ী ভাৰপ্ৰাপ্ত বিসয়া ময়ুৰজিৎ গগৈৰ পিতৃ এগৰাকী আৰক্ষী বিষয়া হিচাপে চোমণি আৰক্ষী চকীত কৰ্মৰত আছিল আৰু সেই সময়ত তেওঁলোকৰ পৰিয়াল কোৱাটাৰত থকাৰ বাবে তেওঁ কাকডোঙাত থাকি শৈশৱ পাৰ কৰিছিল, স্থানীয় হোকাৰখাট প্ৰাথমিক বিদ্যালয়ত জীৱনৰ আদিপাঠ শিকিছিল ময়ুৰজিৎ গগৈয়ে।

Related Articles