পাথৰিঘাটৰ কৃষি বিষয়াৰ ব্যৱহাৰে আকৰ্ষণ কৰিছে কৃষক ৰাইজক

দৰং জিলাৰ ছিপাঝাৰৰ পাথৰিঘাট মহকুমাৰ কৃষি কাৰ্যালয়ৰ নৱ নিযুক্ত কৃষি বিষয়া ক্ষিৰোদ চন্দ্ৰ শৰ্মাৰ ব্যৱহাৰ আৰু উপস্থিতিয়ে মহকুমাটোৰ কৃষক ৰাইজক বিশেষ ভাৱে আকৰ্ষিত কৰিছে। আজি প্ৰায় তিনি মাহ আগতে মহকুমাৰ কৃষি কাৰ্যালয়ত যোগদান কৰিছিল ক্ষিৰোদ চন্দ্ৰ শৰ্মা নামৰ বিষয়া গৰাকীয়ে।

বিষয়া গৰাকীয়ে যোগদান কৰা দিন ধৰি প্ৰতিটো দিশতে মহকুমা কৃষি কাৰ্যালয়ত  নিদিষ্ট সময়ত উপস্থিত থাকি  কৃষক ৰাইজৰ প্ৰতি আগবঢ়াই অহা সেৱাই সকলোকে আকৃষ্ট কৰিছে।তদুপৰি এগৰাকী বিষয়া হিচাপে তেওঁৰ মনত নাই কোনো গৰ্ব কিম্বা অহংকাৰ ।চহা কৃষক সকলৰ লগত সদায়ে বন্ধুত্ব সুলভ ব্যৱহাৰেৰে কম সময়ৰ ভিতৰতে আপোন হৈ পৰা বিষয়া গৰাকী  অন্য সকল বিষয়া-কৰ্মচাৰীৰ তুলনাত যেন সম্পূৰ্ণ বিপৰীত।

কৃষি বিষয়া হিচাপে কৃষকক সদাই সহায় আৰু উন্নতি কৰাটোৱেই যেন তেওঁৰ ধৰ্ম।কৃষকৰ লগত সংপৃক্ত হৈ থাকিব পৰাটোৱেই যেন তেওঁৰ বাবে আনন্দ।পাথৰিঘাট মহকুমা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত কৃষক ৰাইজে বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোত এক বিশেষ ভূমিকা গ্ৰহণ কৰি চহা কৃষক ৰাইজক আগবঢ়াই নিয়াৰ বাবে আশা প্ৰকাশ কৰিছে।


মঃইন্দাদুল হক

Related Articles