দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত পানীয়াখাট গাঁৱৰ নিবাসী তথা একেলেথাৰিয়ে বহু কেইটা পদত অধিষ্ঠিত দৰং জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি, ধূলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি, লেণ্ড এডভাইছাৰী অসম ৰাজ্যিক বৰ্ডৰ সদস্য, পূব মঙলদৈ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মফিজুদ্দিন আহমেদে হৃদৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়।
পানীয়াখাট গাঁৱত জন্ম গ্ৰহণ কৰা মফিজুদ্দিন আহমেদে ৮৫ বছৰ বয়সত ইহলীলা ত্যাগ কৰে। মফিজুদ্দিন আহমেদে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা সুদীৰ্ঘ ২৫ বছৰ কাল ধূলা গাঁও পঞ্চায়তৰ সভাপতিৰ পদ অলংকৃত কৰি আছিল। সমাজৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিছিল ব্যক্তি গৰাকীয়ে।
মৃত মফিজুদ্দিন আহমেদে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকি অৱশেষত সোমবাৰে ধূলাৰ পানীয়াখাট গাঁওস্থিত নিজ বাসভৱনত দিনৰ প্ৰায় ১২:১৫ বজাত মৃত্যুবৰণ কৰে। অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি গৰাকীৰ মৃত্যুত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰে। ইয়াৰ উপৰিও ধূলাবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে মফিজুদ্দিন আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
আবুল হাছেম,খাৰুপেটিয়া

