তিৱা সাহিত্য সভাৰ দ্বাদশ সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন

আগন্তুক ১০, ১১ আৰু১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া তিৱা মাথনলাই তখ্ৰা ( সাহিত্য সভা)ৰ দ্বাদশ  সাধাৰণ অধিৱেশনৰ উপলক্ষে ১৫ ডিচেম্বৰত নগাঁও বাৰপূজীয়াৰ ‘৪২ ৰ শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰত’ লাইখুঁটা স্থাপন কৰা হয়। সম্পূৰ্ণ মাংগলিক পৰ্বৰে অনুষ্ঠিত লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে তিৱা মাথনলাই তখ্ৰা  দ্বাদশ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি তথা মৰিগাঁও বিধানসভা সমষ্টিৰ সভাপতি ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লালচিং মাদাৰ, তিৱা মাথনলাই তখ্ৰাৰ নৱনিৰ্বাচিত সভাপতি দিপেন্দ্ৰ নাথ বৰদলৈ, উপ সভাপতি শৰৎ চন্দ্ৰ পাটৰ, সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতি, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱ জ্যোতি মছৰং, কাৰ্যবাহী সদস্য মোহন সেনাপতিৰ লগতে তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সমিতিসমূহৰ বিষয়ববীয়া সকল ।

লাইখুঁটা স্থাপনৰ সময়ত তিৱা জাতীয় সংগীতেৰে চৌপাশ মুখৰিত হৈ পৰে। লাইখুঁটা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত আদৰণী সমিতিৰ সভাপতি তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জনগোষ্ঠীৰ হেৰাই যোৱা তিৱা ভাষা- সংস্কৃতিৰ কথা দোহাৰি দুখ প্ৰকাশ কৰি এই হেৰাই যোৱা ঐতিহাসিক তিৱা ভাষা- সংস্কৃতিক উদ্ধাৰৰ বাবে উদীয়মান সমাজক পদক্ষেপ ল’বৰ বাবে আহ্বান জনাই।

তখ্ৰাৰ নৱনিৰ্বাচিত সভাপতি দিপেন্দ্ৰ নাথ বৰদলৈয়ে তিৱা মাথনলাই তখ্ৰাই অনাগত সময়ত নতুন নতুন পৰিকল্পনাৰে তিৱা সাহিত্যৰ উত্তৰণত ব্ৰতি হোৱাৰ কথা ব্যক্ত কৰি সকলোৰে সহায় সহযোগিতা বিচাৰে। পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটো বাৰপূজীয়াৰ তিৱা নৃত্য শিল্পীসকলে তিৱা নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে।

Related Articles