ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যত অবৈধ গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ দিয়াৰ মাজতে একাংশ অসাধু ব্যৱসায়িয়ে আজিও অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা।
জানিব পৰা মতে উজনি অসমৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈ আছে গৰুৰ চোৰাং বেহা। এখন ট্ৰাকত নথিপত্ৰ বিহীন গৰু সৰবৰাহ কৰা ঘটনা আজি পোহৰলৈ আহিছে। যোৰহাটৰ পশ্চিমে ম’হবন্ধা তিনিআলি সমীপৰ পুলিবৰ থানাৰ আৰক্ষীয়ে কৰা নিয়মিত তালাচীত আজি সন্ধ্যা জব্দ কৰে ১৮ টা গৰু সহ এখন ট্ৰাক।
উল্লেখ্য যে উজনি অসমৰ পৰা অহা AS-02-CC0793 নম্বৰ ট্ৰাকত নথিপত্ৰ বিহীন গাড়ীখন আহিছিল। উক্ত গৰুখিনি বাংলাদেশলৈ চালানৰ বাবে আনিছিল বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে উক্ত গৰু সৰবৰাহী ট্ৰাকখন নিয়মীয়াভাৱে উজনি অসমৰ পৰা আহি থকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে। ইতিমধ্যে ট্ৰাকখনৰ চালকসহ হেণ্ডিমেনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

