ওদালগুৰি সাহিত্য সভা ভৱনত সংগীতৰ কৰ্মশালা

বিটিচি সাংস্কৃতিক বিভাগৰ দ্বাৰা ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু ওদালগুৰি  সাহিত্য সভাৰ সহযোগত  ১৬ ডিচেম্বৰৰ পৰা অহা  ২২ নৱেম্বৰলৈ সাদিনীয়াকৈ এখনি  “জ্যোতি সংগীত” আৰু “বনগীত”ৰ কৰ্মশালাৰ শুভাৰম্ভণি কৰা হৈছে।

এই উপলক্ষে ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃতী অৱসৰী শিক্ষক নৰেশ্বৰ ডেকাই কয়- বৰ্তমান সময়ত প্ৰশিক্ষাৰ্থী সকলে এনে প্ৰশিক্ষণ গ্ৰহণৰ জৰিয়তে উপকৃত হ’ব পাৰিব। ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া যুগান্ত বায়নে উপস্হিত থাকি কয়- সাংস্কৃতিক পৰিক্ৰমা বিভাগে সময়ে সময়ে অসমৰ বিভিন্ন অঞ্চলত কৰ্মশালাৰ জৰিয়তে হেৰাই যাবলৈ ধৰা বনগীতকে ধৰি জ্যোতি সংগীতৰ ধাৰাটো শুদ্ধ ৰূপত উপস্হাপন কৰি আহিছে।যাৰ জৰিয়তে নৱপ্ৰজন্মৰ শিল্পী সকলে শুদ্ধ ৰূপত গোৱাৰ অনুশীলন কৰিব পাৰিব।

ওদালগুৰি সাহিত্য সভাৰ সম্পাদক অজয় কলিতাই আঁতধৰা উক্ত কৰ্মশালাত উপস্হিত থাকি ওদালগুৰি সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মা আৰু প্ৰাক্তন সভাপতি গৌতম জ্যোতি তালুকদাৰে ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰই কৰ্মশালা খনি অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ইয়াৰ দ্বাৰা এক সুস্থ পৰিবেশৰ সৃষ্টি হ’ব বুলিও উল্লেখ কৰে।

আজিৰ এই কৰ্মশালা উদ্বোধনী অনুষ্ঠানত প্ৰশিক্ষক বিবেক দাসেও বক্তব্য ৰাখি প্ৰশিক্ষাৰ্থী সকলক এনে সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধক নৰেশ্বৰ ডেকা, সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া যুগান্ত বায়ন, সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মা, প্ৰাক্তন সভাপতি গৌতম জ্যোতি তালুকদাৰ আৰু মঙ্গল চণ্ডী ব্ৰহ্ম ভাষা গৱেষণা কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি অখিল কলিতাই এগছিকৈ বন্তি প্ৰজ্বলন কৰে। 

আনহাতে ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু খেৰাই ডেন্স কোচিং চেন্টাৰৰ সহযোগত ১৬ ডিচেম্বৰৰ পৰা ২২ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা  “বড়ো লোক নৃত্য”ৰ  কৰ্মশালা ওদালগুৰিৰ বগৰীগুৰি ক্লাবত আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া যুগান্ত বায়নে।

নব কুমাৰ ডেকা

Related Articles