লামডিং এছবিআইৰ পৰা ১০০.২৫ কোটি টকাৰো অধিক ঋণ লৈ পলাতক অনন্ত চৰন নায়ক । বেঙ্কৰ টকা পৰিশোধ নকৰাৰ বাবে আজি হোজাই জিলা কাৰ্য্যকৰী দণ্ডাধীশৰ উপস্থিতিত এচবিআই বেঙ্ক কতৃপক্ষই জব্দ কৰে অনন্ত চৰন নায়কৰ দুটা বিল্ডিং।
অনাগত দিনত ,অনন্ত চৰন নায়কৰ কেইবাটাও সম্পত্তি জব্দ কৰা হ’ব বুলি সাংবাদিকৰ আগত কাৰ্য্যকৰী দণ্ডাধীশে প্ৰকাশ কৰে। অনন্ত চৰন নায়ক Nayak Infrastructure Pvt Ltd ৰো কৰ্ণধাৰ । উল্লেখ যে দীর্ঘদিন ধৰি বেংকৰ পৰা ঋণ লৈ নিৰুদ্দেশ হৈ আছে নায়ক।

