ৰৌতাত হেৰ’ইন সৰবৰাহকাৰী দুজনক জেললৈ প্ৰেৰণ

ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে ১৭ ডিচেম্বৰৰ দিনা দুজন সন্দেহজনক মাৰাত্মক নিচাযুক্ত হেৰ’ইন সৰবৰাহকাৰী ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰে । উক্ত ব্যক্তি দুজন হৈছে  ওদালগুৰি জিলাৰ বৰপুখুৰী গাঁৱৰ প্ৰয়াত সন্তোষ গুপ্তাৰ পুত্ৰ দীপক গুপ্তা (২২) আৰু  বিশ্বনাথ জিলাৰ বিহালীৰ চম্পক চাহুৰ পুত্ৰ  বিজয় চাহু (২৫) ।

আজি আৰক্ষীসূত্ৰে জানিব পৰা মতে , যোৱা ১৬ ডিচেম্বৰৰ দিনা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ  দলে থানাখনৰে অন্তৰ্গত আমিনপাৰা গাঁৱত এক  অভিযান চলায় । গোপন তথ্যৰ ভিত্তিত অভিযান চলাবলৈ গৈ আমিনপাৰা গাঁৱত দিনৰ ১১ -৪৫ বজাত  হাতে-লোতে  ১২’২৩ গ্ৰাম সন্দেহজনক হেৰ’ইন পাই  জব্দ কৰাৰ লগতে নম্বৰ প্লেট নথকা মটৰচাইকেলৰ সৈতে  দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে  ।

সেয়েহে এই ঘটনাৰ সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত  ধৃত ব্যক্তি  দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰপ্তাৰ কৰা ব্যক্তি দুজনক আজি ওদালগুৰি জিলা জেল হাজোতলৈকে প্ৰেৰণ কৰিছে ।

সেয়েহে এই ঘটনাৰ সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত  ধৃত ব্যক্তি  দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰপ্তাৰ কৰা ব্যক্তি দুজনক আজি ওদালগুৰি জিলা জেল হাজোতলৈকে প্ৰেৰণ কৰিছে । উল্লেখ্য যে আৰক্ষীয়ে পাঁচ দিনৰ বাবে হেৰ’ইন ব্যৱসায়ৰ বিষয়ে নতুন নতুন তথ্য সংগ্ৰহ কৰিবলৈ ধৃত ব্যক্তি  দুজনক আৰক্ষীৰ জিম্মাত বিচাৰিছে ।

Related Articles