লাহৰীঘাটত সামাজিক সমস্যাৰ ওপৰত সজাগতা সভা

মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ মৰিতলী প্ৰাথমিক বিদ্যালয়ত আজি দিনৰ ১২ বজাত বাল্য বিবাহ শিশু শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাখন সঞ্চালনা কৰে লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কাছেমদেৱে।

উদ্দেশ্য বাখ্যা আৰু আদৰণি পৰ্বৰ আঁত ধৰে মৰিতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ নাথে। সভাত UNICEF- IGSSS ৰ জিলা সমন্বয়ক ৰাজশ্ৰী শইকীয়া, সখী একক অৱস্থান কেন্দ্রৰ  সমন্বয়ক লাকী ফুকন, মহিলা শক্তি কেন্দ্ৰৰ পৰিমিতা ডেকা, সমাজ কল্যাণ বিভাগৰ পৰা হামিদা খাতুন, অৰুণা শইকীয়া,দীপা শ্যাম, CRCC পংকজ কুমাৰ মেধি, মোখলেছুৰ ৰহমান, অংগনবাদী কৰ্মী সকল, শিক্ষা গুৰু, ছাত্র-ছাত্রী লগতে অভিভাৱক সকলো উপস্থিত থাকে । এই সজাগতা মুলক সভা খনত বিশেষকৈ লিংগ বৈষম্য, বাল্য বিবাহ, শিশু শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত আলোচনা কৰা হয়। 

খাইৰুল ইছলাম ভূৰাগাঁও

Related Articles