Breaking

৬৭ বছৰে স্নান নকৰা এজন মানুহ

0 2,094

হাঁড় কঁপোৱা জাৰত স্নান কৰি কাৰনো ভাল লাগে! এজন মানুহে স্নান নকৰাকৈ কিমান দিন থাকিব পাৰে? এদিন, দুদিন, এসপ্তাহ বা বৰ বেছি এমাহ! আজি এনে এজন মানুহৰ কথা ক’ম, যিয়ে গা ধোৱা নাই ৬৭ বছৰ।

হয়, ঠিকেই শুনিছে, ইৰানৰ এই বৃদ্ধজনে ৬৭ বছৰ ধৰি গাত ঢলা নাই পানী।দেশখনৰ সংবাদ মাধ্যমে এই ‘কীর্তি’ জনোৱাৰ পাছত সকলোৰে চকু কপালত উঠিছে। স্বাভাৱিকতে তেওঁলোকৰ প্রশ্ন, তেন্তে এই বৃদ্ধই দুনিয়াৰ সকলোতকৈ ‘লেতেৰা, অপরিষ্কার’ ব্যক্তিজন নেকি?

তেহৰান টাইমছ নামৰ ইৰাণৰ সংবাদ পত্রৰ দাবী, কেৰমানশ্বাহ প্রদেশৰ দেজগাহ গাঁওৰ বাসিন্দা আমো হাজিয়ে স্নানাগাৰত সোমোৱা নাই প্রায় সাত দশক। ৮৭ বছৰ বয়সীয়া বৃদ্ধ হাজিয়ে কয় যে পানী দেখিলেই ভয় লাগে তেওঁৰ। ভাব হয় স্নান কৰিলেই অসুস্থ হৈ পৰিব! বহু বছৰ চাবোন-চেম্পু নলগা বাবে তেওঁৰ চেহেৰা যথেষ্ট সলনি হৈছে।

সংবাদ মাধ্যমৰ দাবী, যৌৱনকালত মনত বেথা পোৱাৰ পাছৰে পৰা জন শূণ্য ঠাইত বসবাস আৰাম্ভ কৰে তেওঁ। নিজৰ জীৱন-যাপনো সলনি কৰি পেলায়।

Leave A Reply